সাদিন-প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত উলহ-মালহেৰে সৰস্বতী পূজা…

সাদিন-প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত উলহ-মালহেৰে সৰস্বতী পূজা…

ডিজিটেল ডেস্কঃ সাদিন-প্ৰতিদিন গোষ্ঠীৰ চানমাৰীস্থিত কাৰ্যালয়তো উলহ মালহেৰে আয়োজন কৰা হয় বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা। সৰস্বতী পূজা উপলক্ষ্যে সজাই পৰাই তোলা হয় কাৰ্যালয়ৰ চৌপাশ। অসমীয়া প্ৰতিদিন, সাদিন, নন্দিনী, সাতসৰীৰ সাংবাদিক-কৰ্মচাৰীসকলে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা-অৰ্চনা কৰে পুৱাৰে পৰা।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্ততো সৰস্বতী পূজা অনুষ্ঠিত হয় বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত। অৱশ্যে কিছু সংখ্যকে বুধবাৰৰ পৰিৱৰ্তে বৃহস্পতিবাৰেহে সৰস্বতী পূজা অনুষ্ঠিত কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in