পুনৰ মেৰামতিৰ বাবে ৩ মাহলৈ বন্ধ হ’ব শৰাইঘাট সেঁতুঃ ৰে’লৰ ঠিকাদাৰ-অভিযন্তাৰ সোণৰ কণী দিয়া হাঁহত পৰিণত উত্তৰ-পূবৰ প্ৰৱেশ পথৰ দলং

পুনৰ মেৰামতিৰ বাবে ৩ মাহলৈ বন্ধ হ’ব শৰাইঘাট সেঁতুঃ ৰে’লৰ ঠিকাদাৰ-অভিযন্তাৰ সোণৰ কণী দিয়া হাঁহত পৰিণত উত্তৰ-পূবৰ প্ৰৱেশ পথৰ দলং

ডিজিটেল ডেস্কঃ পুনৰ মেৰামতিৰ বাবে উত্তৰ পূব ৰে'লৰ অভিযান্ত্ৰিক শাখাই বন্ধ কৰিব পুৰণি শৰাইঘাট দলঙৰ ওপৰেৰে যান-বাহন চলাচল। ১৯৫৯চনত ব্ৰিটিছ কোম্পানীয়ে সেই সময়ৰ পৰম্পৰাগত পদ্ধতিৰে উচ্চ প্ৰযুক্তিৰ প্ৰশিক্ষণ নথকা গৰিষ্ঠ সংখ্যক থলুৱা লোকক ব্যৱহাৰ কৰি নিৰ্মাণ আৰম্ভ কৰা ব্ৰীজখনৰ কাম সম্পূৰ্ণ হৈছিল তিনি বছৰৰ ভিতৰতে। তেতিয়াই কোম্পানীটোৱে ৫০ বছৰৰ ম্যাদৰ বাবে উক্ত দলংখন নিৰ্ধাৰিত বহন ক্ষমতা সম্পন্নভাৱে অক্ষৎ অৱস্থাত থাকিব বুলি স্পষ্ট কৰি দিছিল।

সেই অনুপাতে ২০০০চনত দলংখনৰ ম্যাদ উকলি যোৱাৰ বাবে ব্ৰিটিছ কোম্পানীটোৱে অসমৰ কেন্দ্ৰীয় পথ পৰিবহন বিভাগক বাৰম্বাৰ দলংখনৰ বিকল্প নিৰ্মাণৰ কথা কৈছিল যদিও, দিছপুৰ-দিল্লীৰ চৰকাৰে যোৰা-টাপলি মাৰি অতি বিপদজনকভাৱে বিগত ২০ বছৰ দলংখন তেনেদৰেই চলাই ৰাখিছে। যোৱা বছৰ প্ৰায় বিধ্বস্ত অৱস্থাত এইখন অৱশেষত তিনি মাহৰ বাবে বন্ধ কৰি দি গেমন ইণ্ডিয়া নামৰ কোম্পানীটোক ইয়াৰ মেৰামতিৰ দায়িত্ব অৰ্পণ কৰা হয়।আৰু চাৰিলেনযুক্ত ঘাইপথৰ নৱনিৰ্মিত দলংখনৰেই দুয়ো দিশৰ যান-বাহন চলাচলৰ ব্যৱস্থা কৰা হয়।

ফলত সেই তিনি মাহত শৰাইঘাট পাৰ হ'বলগীয়া যান-বাহনৰ ক্ষেত্ৰত ৫-১০ ঘন্টা পৰ্যন্ত অপেক্ষা কৰি নৰকযন্ত্ৰণা ভোগ কৰিবলগীয়া হোৱা অৱস্থাত অৱশেষত ক্ষোভৰ বিস্ফোৰণ ঘটা পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে চৰকাৰে কোনো মতে কাম সম্পূৰ্ণ কৰা হ'ল বুলি কৈ এইখন খুলি দিলে যদিও দুমাহৰ পাছতে পুনৰ ১০ দিনৰ বাবে দলংখন বন্ধ কৰিব লগা হ'ল। অথচ এই দুয়োটা মেৰামতিত প্ৰায় ৩০ কোটি টকা খৰচ কৰাও হৈছিল।

শেহতীয়াকৈ আকৌ উত্তৰ পূব সীমান্ত ৰে'লে একেই মেৰামতিৰ এৰাব নোৱাৰা প্ৰয়োজনত দলংখনৰে চলাচল পুনৰ তিনি মাহৰ বাবে বন্ধ কৰা হ'ব বুলি ঘোষণা কৰিছে। এনে পৰিস্থিতিত ৰাইজৰ মাজত স্বাভিৱকতে প্ৰশ্ন উঠিছে ২০ বছৰ পূৰ্বেই ম্যাদ উকলি যোৱা দলংখন এনেদৰে মেৰামতিৰ নামত এচাম ঠিকাদাৰ প্ৰতিষ্ঠান আৰু অভিযন্তাই সোণৰ কণী পৰা হাঁহত পৰিণত কৰিছে নেকি?

চৰকাৰখনে দলংখনৰ ঐতিহ্য ৰক্ষাৰ বাবে এইখন ৰাখিব খুজিছে নে লুটপাতকাৰী চক্ৰটোৰ উদ্দেশ্যৰ সৈতে চৰকাৰ পৰিচালনাত থকা এটা চক্ৰৰো সম্পৰ্ক আছে বুলিও এই লৈ ৰাইজৰ মনত প্ৰশ্ন উদয় হৈছে। প্ৰকৃততে ৰে'ল আৰু যানবাহন চলাচল কৰা দুখলপীয়া এখন দলং এনেদৰে বছৰী বছৰী মেৰামতি কৰি চলাই ৰখাতো কিমান বিপদজনক সেয়া সহজেই অনুমেয়। উল্লেখ কৰাৰ প্ৰয়োজন যে দলংখনৰ ওপৰেৰে দৈনিক ১৫ হাজাৰৰো অধিক লঘু আৰু গধূৰ যান-বাহন চলাচল কৰাৰ উপৰি শৰাইঘাট দলংখনৰ ৰে'লপথটোৰে দৈনিক ২০০খনৰো অধিক ৰে'ল চলাচল কৰে। ইয়াৰ ভিতৰত তীব্ৰবেগী ৰাজধানী এক্সপ্ৰেছ, শতাব্দী, জনতা এক্সপ্ৰেছকে ধৰি বহু যাত্ৰীবাহী ৰে'লো চলাচল কৰে।

ইফালে, চাৰিলেনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছৰে পৰা দলঙৰ ওপৰেৰে ২০-২২ চকীয়া ৫০ টন পৰ্যন্ত মাল পৰিবাহী ট্ৰাকৰ লগতে এনএইচপিচিকে ধৰি বিভিন্ন উদ্যোগৰ বহু ওজনৰ যন্ত্ৰপাতি কঢ়িওৱা বৃহৎ আকাৰৰ ট্ৰেইলাৰো পাৰ হয়। এনে অৱস্থাত চৰকাৰ তথা ৰে'ল কৰ্তৃপক্ষই দায়িত্বহীনভাৱে শৰাইঘাটৰ দলংখন এনেদৰে যোৰাটাপলি চলাই থকাৰ ঘটনাই যিকোনো সময়ত ভয়ানক অঘটন সংঘটিত হোৱাৰ আশংকা প্ৰকট কৰি তোলাৰ লগতে বছৰটোতে দুবাৰকৈ এনেদৰে মেৰামতিৰ নামত যন্ত্ৰণা ভোগ কৰিব লগীয়া হোৱা ঘটনাৰ বাবে ৰাইজকো ক্ষুব্ধ কৰি তুলিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in