শৰাইঘাট দলঙৰ ৰেলিঙত খুন্দিয়াই ভাঙি ৫০ ফুট তলত পৰিল ছুইফট ডিজায়াৰ, থিতাতে নিহত দুমুনিচকীৰ দুজন…

শৰাইঘাট দলঙৰ ৰেলিঙত খুন্দিয়াই ভাঙি ৫০ ফুট তলত পৰিল ছুইফট ডিজায়াৰ, থিতাতে নিহত দুমুনিচকীৰ দুজন…

ডিজিটেল সংবাদ, দুমুনিচকী: বৃক্ক ৰোগত আক্ৰান্ত নিজৰ ভাতৃক বহিৰাজ্যত চিকিৎসাৰ বাবে নি বিমানযোগে উভতি অহা পিতৃ মাতৃসহ ভাতৃক বিমান বন্দৰৰ পৰা আনিবলৈ যোৱাৰ পথত দেওবাৰে নিশা সংঘটিত এটা দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন যুৱক আৰু এজনী যুৱতীৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত দুমুনিচকীৰ মাৰুৱাচকী গাঁও নিবাসী আব্দুল ওৱাহেব আৰু ৰেনু বেগমৰ পুত্ৰ ছাজিদ আখটাৰ ওৰফে আছফাক আলী (২৩) বৃক্ক ৰোগত আক্ৰান্ত হৈ থকাত পিতৃ মাতৃয়ে ছাজিদক চিকিৎসাজনিত কাৰণত বহিৰাজ্যলৈ লৈ যায়। পিছত যোৱা নিশা বিমানযোগে আহি বৰঝাৰ বিমানবন্দৰ পোৱা বুলি মাৰুৱচকীৰ পৰিয়ালৰ লোকেক অবগত কৰে।

ফলত নিশা বিমান বন্দৰৰ পৰা পিতৃ মাতৃ আৰু ভাতৃক আনিবলৈ ৰুমিজা বেগমে (২৬) স্থানীয় ফকৰুল ইছলাম (৩২) নামৰ যুৱক এজনৰ সৈতে এ এছ ০১ বি এফ ০৩৮০ নম্বৰৰ ছুইফট বাহন খনত বিমান বন্দৰলৈ বুলি ৰাওনা হয়। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা বাহন খনে নিশা প্ৰায় ১২-৩০ বজাত শৰাইঘাট দলং পোৱাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ কাখত থকা লোৰ ৰেলিং ভাঙি প্ৰায় ৫০ ফুট তলত পৰে। যাৰ ফলত বাহনখন চূৰমাৰ হৈ পৰাৰ লগতে বাহনত থকা দুয়ো যুৱক যুৱতীৰ থিতাতে মৃত্যু হয়। ঘটনা সম্পৰ্কে স্থানীয় আৰক্ষী অবগত হোৱাত ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰে। আজি বিয়লি এক শোকাকুল পৰিবেশত নিজ গাঁৱত দুয়োটা মৃতদেহৰ জানাজা সম্পন্ন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in