শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

অসম আৰক্ষীৰ ‘বীৰাংগনা’ক লৈ ছাৰা আলী খানৰ তথ্যচিত্ৰ, ১৫ জুলাইত ডিস্ক’ভাৰীত হ’ব সম্প্ৰচাৰিত

ডিজিটেল ডেস্কঃ বলিউডত নতুনকৈ ভৰি ৰাখি ভাৰতীয় দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অভিনেত্ৰী ছাৰা আলী খান শনিবাৰে আহি উপস্থিত হয়হি গুৱাহাটীত। অসমৰ আৰক্ষী মহিলা কামাণ্ডো বেটেলিয়ানৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণৰ কৰাৰ উদ্দেশ্যে মহানগৰীত আহি উপস্থিত হয়হি অভিনেত্ৰীগৰাকী।

E5_ZhwZUYAActp7-scaled

এই তথ্যচিত্ৰখনৰ শ্বুটিং হৈছে উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ অসম আৰক্ষীৰ মহিলা কামাণ্ডো বেটেলিয়ানত। উল্লেখযোগ্য যে, এই তথ্যচিত্ৰখনত এগৰাকী বীৰাংগনাৰ ভূমিকা ৰূপায়ন কৰিছে ছাৰা আলী খানে। বীৰাংগনা চৰিত্ৰ ৰূপায়ন কৰাৰ উদ্দেশ্যে অহা অভিনেত্ৰীগৰাকীয়ে অসম আৰক্ষী মহিলা কামাণ্ডো বেটেলিয়ানৰ বিষয়াসকলৰ সৈতে মত-বিনিময়ো কৰে আৰু লগতে অংশ লয় বীৰাংগনাসকলৰ প্ৰশিক্ষণত।

May be an image of 1 person, standing and outdoors

ইফালে, দেওবাৰে নীলাচল পাহাৰৰ বুকুত থকা মা কামাখ্যা মন্দিৰো দৰ্শন কৰে তেওঁ। তেওঁ তাত মা কামাখ্যাৰ আশীষ লোৱা ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, অহা ১৫ জুলাই, ২০২১ৰ দিনা ডিস্ক’ভাৰী (Discovery) চেনেলত এই তথ্যচিত্ৰখন সম্প্ৰচাৰিত হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি