চাপৰতো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে বাঢ়নি পানী

চাপৰতো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে বাঢ়নি পানী

ডিজিটেল সংবাদ, বঙাইগাঁওঃ ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে ধুবুৰী জিলাৰ চাপৰৰ বান পৰিস্থিতি। বিপদ সীমাৰ ওপৰেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ-চম্পাৱতী নৈৰ বাঢ়নি পানী। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে বানৰ কৱলত পৰিছে চাপৰ ৰাজহ চক্ৰৰ মুঠ ৭৫ খন গাঁৱৰ ৬৭ হাজাৰ লোক। দুদিনৰ খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে পশুধনৰ খাদ্য ইতিমধ্যে যোগান ধৰা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।

বৰ্তমানলৈকে ভুক্তভোগী বানপীড়িত লোকে চৰকাৰী সাহাৰ্য্যৰ পৰা বঞ্চিত হৈ আছে বুলি জানিবলৈ দিছে ৰাইজে। এই ভয়ানক বানপানীৰ কৱলত পৰিছে শালকোচা আৰক্ষী চকী, শালকোচা চিকিৎসালয় আদি অনুষ্ঠান-প্ৰতিষ্ঠান। ইপিনে, চাপৰৰ আৰেয়াঝাৰস্থিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈছে বাঢ়নী পানী৷

ধীৰঘাট-পুঠিমাৰী গড়কাপ্তানী পথৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে ভালেকেইখন দলং। চাপৰৰ বিভিন্ন স্থানৰ ১৬ টাকৈ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে বন্যাৰ্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in