মুখ খুলিছে চনু সুদেঃদৰিদ্ৰসকলক সদায়েই সহায় কৰি যাম…

মুখ খুলিছে চনু সুদেঃদৰিদ্ৰসকলক সদায়েই সহায় কৰি যাম…

ডিজিটেল ডেস্কঃ বলিউড অভিনেতা তথা সমাজকৰ্মী চনু সুদ কৰ ফাঁকিৰ সৈতে জড়িত হৈ পৰাৰ পিছতে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত চনুৱে কোনোধৰণৰ মত প্ৰকাশ কৰা নাছিল যদিও শেহতীয়াকৈ তেওঁ মুখ খুলিছে।

চনু সুদে আয়কৰ বিভাগৰ অভিযানৰ চতুৰ্থ দিনা এক টুইট কৰিছে। টুইট যোগে চনুৱে কৈছে যে তেওঁ দৰিদ্ৰসকলক সদায়েই সহায় কৰি যাব। তেওঁ টুইট কৰি কৈছে, যে আপুনি প্ৰতিবাৰেই আপোনাৰ কাহিনী ক'ব নালাগে। আহিবলগীয়া সময়টোৱে ইয়াক নিজেই কয়।

ইয়াৰোপৰি তেওঁ কয়, মই ভাৰতৰ জনসাধাৰণক মোৰ সামৰ্থ্য অনুসাৰে সেৱা আগবঢ়োৱাৰ সংকল্প লৈছো। মই মোৰ ফাউণ্ডেশ্যনত জমা কৰা ধনৰ অন্তিম কিস্তিলৈকে যিকোনো প্ৰকাৰে দৰিদ্ৰ লোকসকলৰ জীৱন ৰক্ষা কৰাৰ বাবে অপেক্ষা কৰি আছোঁ। বহুসময়ত, মই ডাঙৰ ব্ৰেণ্ডক মোৰ পাৰিশ্ৰমিক পৰিশোধ কৰাৰ পৰিৱৰ্তে মানুহৰ ভালৰ বাবে কাম কৰিবলৈ কৈছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in