ঠাকুৰ বাড়ীৰ কণ্যা,অগ্ৰদূত আদি জনপ্ৰিয় উপন্যাসৰ স্ৰষ্টা সন্তোষ কুমাৰ কৰ্মকাৰ অসুস্থ…

ঠাকুৰ বাড়ীৰ কণ্যা,অগ্ৰদূত আদি জনপ্ৰিয় উপন্যাসৰ স্ৰষ্টা সন্তোষ কুমাৰ কৰ্মকাৰ অসুস্থ…

ডিজিটেল ডেস্ক : বিশিষ্ট সাহিত্যিক সন্তোষ কুমাৰ কৰ্মকাৰ অসুস্থ । শিবসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গৰাকীয়ে অসমীয়া সহিত্যৰ বাবে ওৰেটো জীৱন উছৰ্গা কৰিলে । সন্তোষ কুমাৰ কৰ্মকাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন ভিত্তিক উপন্যাস ঠাকুৰ বাড়ীৰ কণ্যাৰো স্ৰষ্টা আছিল ।

এই যশস্বী উপন্যাস গৰাকী বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত । মুম্বাই তেখেতৰ চিকিৎসা চলি আছিল যদিও চিকিৎসকৰ পৰামৰ্শ মতে স্বাস্থ্য দুৰ্বল হৈ পৰাত তেওঁ গুৱাহাটীলৈ ঘূৰি আহে । বৰ্তমান বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত চিকিৎসা চলি আছে তেওঁৰ ।

শৰীৰ দুৰ্বল হ'লেও অসুস্থতাৰ মাজতে তেওঁ আন দুখন উপন্যাস প্ৰকাশৰ বাবে পৰিকল্পনা কৰি আছে । উল্লেখ যোগ্য যে বহু কেইখন উপন্যাসৰ স্ৰষ্টা আছিল তেখেত । লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন কৰ্মৰ প্ৰতি আকৰ্ষিত হোৱা কৰ্মকাৰে বেজবৰুৱাৰ সমগ্ৰ জীৱন সামৰি আন এখন আকৰ্ষনীয় উপন্যাস অ' মোৰ আপোনাৰ দেশ ৰচনা কৰিছিল ।

যিখন উপন্যাস সেই সময়ৰ আকাশবানী কেন্দ্ৰ সঞ্চালক ড০ সূৰ্য দাসৰ অনুৰোধ মৰ্মে তেওঁ লিখিছিল । তেওঁৰ আন উল্লেখযোগ্য উপন্যাস সমূহৰ ভিতৰত অৰুনোদয়, আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন ভিত্তিক লেখা উপন্যাস প্ৰভাতী সূৰ্যৰ দেশ, আৰু হেমচন্দ্ৰ বৰুৱাৰ জীৱন ভিত্তিক উপন্যাস অগ্ৰদূত অন্যতম ।

সাহিত্য আলোচনী সাতসৰীত কিছুদিনৰ আগলৈকে ধাৰাবাহিক ভাবে প্ৰচাৰ পাই আছিল তেওঁৰেই এখন নতুন উপন্যাস মহানগৰ এপাৰ্টমেন্ট । এইগৰাকী বিশিষ্ট ঔপন্যাসিকৰ অসুস্থতাৰ খবৰে গুণমুগ্ধ সকলক উদ্বিগ্ন কৰি তুলিছে । সকলোৱে আশা কৰিছে শীঘ্ৰে তেওঁ সুস্থ হৈ উঠিব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in