বকোত ক্ৰীড়া সমাৰোহঃ ১১খন শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণ…

বকোত ক্ৰীড়া সমাৰোহঃ ১১খন শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থীৰ  অংশগ্ৰহণ…

ডিজিটেল সংবাদ, বকোঃ অসম শিশু শিক্ষা সমিতিৰ বকো সংকুলৰ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে ক্ৰীড়া সমাৰোহ । কামৰূপ জিলাৰ বকোৰ খলিহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ উদ্যোগত খলিহা গাঁৱত অনুষ্ঠিত হোৱা ক্ৰীড়া সমাৰোহৰ পতাকা উত্তোলন কৰে খলিহা হাই স্কুলৰ প্ৰধান শিক্ষক মনোমোহন অধিকাৰীয়ে ।

ছয়গাঁৱ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্যা ফুলুমনি কলিতা কাকতিয়ে আঁতধৰা পতাকা উত্তোলন অনুষ্ঠানত সহযোগ কৰে খলিহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্যা নৱকুমাৰ চৌধুৰীয়ে । পতাকা উত্তোলন কৰি খলিহা হাই স্কুলৰ প্ৰধান শিক্ষক মনোমোহন অধিকাৰীয়ে ভাষণত শিক্ষাৰ লগতে খেলাধুলা শিক্ষাৰ্থীৰ বাবে অবিচ্ছেদ্য অংগ হৈ পৰা বুলি উল্লেখ কৰে ।

ভাষণত খেলুৱৈ হিমা দাস আৰু শৰীৰচৰ্চাবীদ গোলাপ ৰাভাৰ নাম উল্লেখ কৰি তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ শিক্ষাৰ্থী সকলোক আহ্বান জনায় । ইয়াৰ পাছতে আৰম্ভ হয় শিক্ষাৰ্থী সকলোৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিয়োগিতা ।

উল্লেখযোগ্য যে১৩খন শিশু বিদ্যা নিকেতনৰে গঠিত বকো সংকুলৰ আজিৰ ক্ৰীড়া সমাৰোহত১১খন নিকেতনৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিছে । আজিৰ ক্ৰীড়া সমাৰোহত অসম শিশু শিক্ষা সমিতিৰ গুৱাহাটী বিভাগৰ খেল প্ৰমূখ ৰঞ্জন ভাগৱতীয়ে অংশ গ্ৰহণ কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in