চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মৰিগাঁৱৰ অধিবেশনস্থলী শুভাৰম্ভ

চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মৰিগাঁৱৰ অধিবেশনস্থলী শুভাৰম্ভ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ অসমজুৰি সিচঁৰিত হৈ থকা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ লক্ষ লক্ষ অনুগামী, বাপ-বান্ধৱ, আইমাতৃ তথা গুৰুজনাৰ একান্ত ভক্তৰ বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই বুধবাৰৰ পুৱাৰ পৰা মৰিগাওঁ জিলাৰ সিধাবাৰী, নাওকটা, গাগিনীবড়ী, বৰঙাবাৰী পথাৰত আৰম্ভ হৈছে ৰাজ্যখনৰ সৰ্ববৃহৎ ধৰ্মীয়-সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশন ৷

প্ৰায় আঢ়ৈ কোটি টকা বাজেটেৰে আদৰণী সমিতিৰ লগতে ৩৫ খন উপ-সমিতি, ১৮ খন সহায়ক সমিতিয়ে কঁকালত টঙালী বান্ধিছে আজিৰ পৰা অনাগত চাৰিটা দিনত অধিবেশনস্থলীত সমবেত হ'বলগীয়া লক্ষাধিক ভকত-বৈষ্ণৱ, অতিথিক আদৰিবলৈ৷ সিধাবাৰী, নাওকটা, গাগিনীবড়ী, বৰঙাবাৰী পথাৰৰ ৪,৩৭৫ বিঘা বিশাল ভূমিত চৌদিশে এতিয়া মাথো ব্যস্ততা৷ চৌদিশে গুঞ্জৰিত হৈছে বিশিষ্ট শিল্পী বিদ্যাসাগৰৰ কন্ঠত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মৰিগাঁও অধিৱেশনৰ শীৰ্ষ গীত সুমধুৰ ধ্বনী ৷

বুধবাৰে পুৱা পৰিবেশ নিকাকৰণৰ পিছতেই ৫-৩০ বজাত প্ৰাতঃ প্ৰসঙ্গৰে অধিৱেশনৰ চাৰিদিনীয়া কাৰ্যসূচীত আনুষ্ঠানিক শুভাৰম্ভ হয় ৷ পুৱা ৮-৩০ বজাত মূল তোৰণ উন্মোচন কৰাৰ পিছতেই গ্ৰন্থমেলা, প্ৰদৰ্শণী আৰু বাণিজ্য মেলাৰ তোৰণ সমূহ উন্মোচন কৰা হয়৷ ৯-৪৫ বজাত অধিবেশনস্থলীৰ নাটঘৰৰ আসন প্ৰতিষ্ঠাৰ পিছতেই অনুষ্ঠিত হয় নাম-কীৰ্তন ৷ ইয়াৰ পিছতেই অধিৱেশনৰ আদৰণী সমিতিৰ মূল কাৰ্যালয়টি উন্মোচন কৰা হয় ৷ ইতিমধ্যে বিভিন্ন স্থানৰ পৰা আমন্ত্ৰিত অতিথিসকল আহি আদৰণী সমিতিৰ কাৰ্যালয়ত উপস্থিত হৈছেহি ৷

দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ মাজতে ১১-৩৫ বজাত সেৱা বাহিনীৰ শিবিৰ উন্মোচন, ১১-৪৫ বজাত মূল মঞ্চ উন্মোচন কৰা হ'ব ৷ ইয়াৰ পিছতেই ১২-৩০ বজাত মূলমঞ্চত অনুষ্ঠিত হ'ব গ্ৰন্থ উন্মোচনী সভা ৷ এই কাৰ্যসূচীসমূহ ৰূপায়নৰ বাবে নিৰ্দিষ্ট স্থানত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা পৰিলক্ষিত হৈছে ৷

দিনটোৰ অন্যান্য কাৰ্যসূচীৰ ভিতৰত মূলতে প্ৰতিনিধিৰ সভাগৃহত দিনৰ ২ বজাত অনুষ্ঠিত হ'ব প্ৰচাৰ শাখাৰ সভা ৷ ৩-৩০ বজাত আই-মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভা ৷ সন্ধিয়া ৬-১০ বজাত অনুষ্ঠিত হবলগীয়া সেৱাবাহিনীৰ সাধাৰণ পৰিষদখনি সঞ্চালনা কৰিব পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই৷ ৬-৩০ বজাত মূলমঞ্চত প্ৰথমখন সাংস্কৃতিক সমাৰোহ আৰম্ভ হ'ব ৷ সন্ধ্যা ৭ বজাৰ পৰা নাটঘৰত প্ৰদৰ্শিত হবলগীয়া অঙ্কীয়া ভাওনা ৷

বৰ্তমান অধিবেশনস্থলীলৈ সোঁত বৈছে ভকত-বৈষ্ণৱ-আহমাতৃৰ ৷ সেৱা বাহিনীৰ স্বেস্বাসেৱক সকলে জাতীয় সাজ পৰিধান কৰি মৰিগাঁও জিলা সদৰৰ মূল আদৰণী তোৰণৰ পৰা হাতযোৰ কৰি অধিবেশনলৈ আগমন ঘটা অভ্যাগত সকলক আদৰণী জনোৱা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে ৷

ইয়াৰোপৰি গ্ৰন্থমেলা, বাণিজ্যমেলা আদিতো মুকলি হৈছে দোকান-পোহাৰ ৷ বৃহৎ ভোজনালয়ত দায়িত্বপ্ৰাপ্ত শতাধিক বাপ-বান্ধৱ, আইমাতৃয়ে ৰন্ধা কাৰ্য আৰম্ভ কৰিছে ৷ বিভিন্ন প্ৰাথমিকৰ পৰা ভোজনালয়ত জমা কৰা হৈছে হাজাৰ হাজাৰ কলপাত ৷ এই কলপাতসমূহত ভোজন পৰিবেশন কৰাৰ ব্যৱস্থা কৰিছে সমিতিয়ে ৷

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানৰ সংবাদসেৱীসকলো সমবেত হৈছেহি সমন্বয় ক্ষেত্ৰত ৷ অনাগত চাৰিটা দিনে বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ কৰ্মীসকলে দিনে-নিশাই সেৱা আগবঢ়াই ইলেক্ট্ৰনিক আৰু প্ৰিন্ট মাধ্যমেৰে অধিবেশনৰ বা-বাতৰি যোগান ধৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে ৷ মৰিগাঁও জিলা প্ৰশাসনেও সকলো প্ৰকাৰেৰে অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ প্ৰচেষ্টা হাতত হোৱা দেখা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in