‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী…

‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত 'শংকৰদেৱ উদ্যান ধ্বংস কৰা কাৰ্য'ৰ প্ৰতিবাদত মানৱ শৃংখল কাৰ্যসূচী সাব্যস্ত কৰে স্থানীয় ৰাইজে। শতাধিক ডেকা-জেষ্ঠ নাগৰিকে হাতে হাতে প্লে'কাৰ্ড লৈ এই মানব-শৃংখল কাৰ্যসূচীত উপস্থিত থাকে। শঙ্কৰদেৱ উদ্যানৰ এটা অংশ অধিগ্ৰহণ কৰা নচলিব, শঙ্কৰদেৱ উদ্যান ধ্বংস কৰা কাৰ্য বন্ধ কৰক, শঙ্কৰদেৱ উদ্যানত গছ-গছনি কটা নচলিব, শঙ্কৰদেৱ আৰু আজান-পীৰ উদ্যানৰ উন্নয়নৰ ব্যৱস্থা কৰক আৰু শঙ্কৰদেৱ পাৰ্কৰ ভিতৰত প্ৰস্তাবিত নিৰ্মাণ কাৰ্য্য বন্ধ কৰক দাবী উত্থাপন কৰে এই প্ৰতিবাদকাৰীসকলে।

মানৱ শৃংখল কাৰ্যসূচীতেই প্ৰতিবাদকাৰী সকলে জানিব দিয়ে যে- উদ্যানৰ মাটিত কৰা অধিগ্ৰহণ তথা প্ৰস্তাবিত নিৰ্মাণ কাৰ্য অতি সোনকালে বাতিল কৰাৰ দাবী জনাই ইতিমধ্যে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী, স্হানীয় বিধায়ক, জিলা উপায়ুক্ত, জিএমডিএ ৰ মূখ্য কাৰ্যবাহী বিষয়া, সংশ্লিষ্ট PWD(Road)ৰ অভিযন্তা, বন বিভাগৰ ডিএফঅ'লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে।

শেষত উদ্যোক্তা সকলৰ পক্ষৰ পৰা 'নাগৰিক সন্ময়ণৰক্ষী সমিতিৰ'(Citizen Co-ordination committee) সভাপতি খনিন্দ্ৰ লাল শৰ্মাই এই কাৰ্যসূচীত উপস্হিত থকা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু দাবী সমূহ মানি নোলোৱা পৰ্য্যন্ত এই আন্দোলন চলাই ৰখাত সকলোৰে সহযোগিতা কামনা কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in