শেহতীয়া খবৰ
শোণিতপুৰত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত প্রাৰ্থীৰ তালিকা প্ৰকাশ  •  জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!  •  ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত...

শংকৰদেৱ কলাক্ষেত্ৰত বিনামূলীয়া লে’বৰেটৰী সেৱা মুকলি

233

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিনামূলীয়া লেব’ৰেটৰী সেৱা মুকলি কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰ্যায়লৈ সম্প্ৰসাৰণৰ লক্ষ্যৰে মুকলি কৰা হ’ল এই সেৱা।

শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত ৰাজ্যৰ ১২০০ লেব’ৰেটৰী টেকনিচিয়ানে অংশ লয়। এই সেৱাৰ দ্বাৰা ৰাইজৰ বহু সুবিধা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে মন্ত্ৰী জনে কয় যে, এই ব্যৱস্থাৰ জড়িয়তে ৰাজ্যৰ সকলো স্বাস্থ্যকেন্দ্ৰত উপলব্ধ হ’ব বিনামূলীয়া লেব’ৰেটৰী সেৱা। যাৰ বাবে সমাজৰ সকলো লোকে চিকিৎসাৰ ক্ষেত্ৰত পাব সম-মৰ্যাদা। ইফালে, এই অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি