শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, আমাৰ পৰম গুৰু…

589

► মৃদুল কুমাৰ সন্দিকৈ

জগত গুৰু শংকৰদেৱ অসমীয়া জাতিৰ প্ৰতিষ্ঠাৰ বাটকটীয়া। শংকৰদেৱৰ মূল্যায়ন তাত্বিকভাৱে যথেষ্ট হৈছে। গুৰুজনাৰ সৃষ্টিৰাজিক লৈ আলোচনা চলে। কিন্তু ব্যৱহাৰিকভাৱে শংকৰদেৱৰ কৰ্মৰাজিক আমি কিমানজনে অনুকৰণ কৰো। তেওঁৰ দৰ্শনৰ মূল্যবোধে ব্যক্তিগত জীৱনত প্ৰতিটো মুহূৰ্ততে আমাক প্ৰেৰণা দিব পাৰে। আধ্যাত্মিকতাৰ পৰা বিজ্ঞান মানসিকতালৈকে শংকৰদেৱৰ সৃষ্টিত সকলোখিনি আছে। তাৰোপৰি গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল আৰু স্বাৱলম্বী কৰাৰ দিশত শংকৰদেৱৰ চিন্তা-চেতনা সেই তেতিয়াই সমাজক কৰ্মমুখী কৰিবলৈ উদঙণি দিছিল। গুৰুজনাৰ বৰগীতসমূহত অন্তৰ্নিহিত আধ্যাত্মিকতাই এফালে জীৱনক তুলি ধৰে, আনফালে সেই জীৱনৰ সৈতে সংসাৰৰ মায়াৰ মাজত অন্ধ হৈ পৰা ধন-সম্পত্তি সৰ্বস্ব জীৱনক ভ্ৰুকৃটি কৰে। গুৰুজনাই লিখিছিল-

।। ৰাগঃ কেদাৰ।।

ধ্ৰুং।। পাৱে পৰি হৰি কৰোহোঁ কাতৰি

প্ৰাণ ৰাখবি মোৰ।

বিষয় বিষধৰ বিষে জৰজৰ

জীৱন নাৰহে থোৰ।।

পদ।। অথিৰ ধনজন জীৱন যৌৱন

অথিৰ এহু সংসাৰ।

পুত্ৰ পৰিৱাৰ সবহি অসাৰ

কৰবো কাহেৰি সাৰ।।

কমল দল জল চিত্ত চঞ্চল

থিৰ নোহে তিল এক।

নাহি ভৱভয় ভোগে হৰি হৰি

পৰম পদ পৰতেক।।

কহতু শঙ্কৰ এ দুঃখ সাগৰ

পাৰ কৰু হৃষীকেশ।

তুহূ গতি, মতি দেহু শ্ৰীপতি

তত্ত্ব পন্থ উপদেশ।।

শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত। গুৰুজনাৰ মৃত্যু ১৫৬৮ খ্ৰীষ্টাব্দত। তেওঁ আছিল একেধাৰে গায়ক, নৰ্তক, লিখক, কবি, ধৰ্ম প্ৰচাৰক, চিত্ৰকৰ, সমাজ সংগঠক। সংস্কৃতিৰ প্ৰমূল্যৰ একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজক তেওঁ একত্ৰিত কৰিব খুজিছিল।তেওঁ দেখিছিল এনে এখন সমাজৰ সপোন য’ত কোনো শ্ৰেণী বিভাজন নাই। গোষ্ঠীবাদ মুক্ত এই সমাজখনৰ সপোন তেওঁ তেতিয়াই দেখিছিল। তেওঁ প্ৰচাৰ কৰা নৱবৈষ্ণৱ ধৰ্ম এক ঈশ্বৰত বিশ্বাসী আছিল। সেয়ে তেওঁ কৈছিল- ‘এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ।’ এয়াই আছিল তেওঁৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ।

মহাপুৰুষজনে অন্তিম বয়সলৈকে ধৰ্মপ্ৰচাৰ চলাই গৈছিল। ১৫৬৮ খ্ৰীষ্টাব্দত ১১৯ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল।মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰিছিল মহাপুৰুষ গৰাকীয়ে। সেই সময়ত কোঁচ ৰাজ্যৰ অন্তৰ্গত আছিল এই সত্ৰ। তেতিয়াৰ কোঁচৰজা আছিল নৰনাৰায়ণ। সেই কোচবিহাৰত থকা ভেলা মধুপুৰ সত্ৰত ১৪৯০ শকত ভাদ মাহৰ ২১ তাৰিখে শুক্লা দ্বিতীয়া তিথিত মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণ হোৱা আগলৈকে তেওঁ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি আৰু সমাজ জীৱনক সমৃদ্ধ কৰিছিল।

সেই সময়ত শাস্ত্ৰসমূহ আছিল সংস্কৃত ভাষাত । সাধাৰণ মানুহৰ বাবে সেই শাস্ত্ৰৰ জ্ঞান অৰ্জন কৰাতো আছিল টান কাম। সেয়েহে শংকৰদেৱে সেইবোৰ সৰ্বসাধাৰণে বুজি পোৱাকৈ লিখি উলিয়াইছিল। লগতে সেই সৃষ্টিৰাজিৰ জৰিয়তে তেওঁ ধৰ্মৰ প্ৰচাৰ কৰি গৈছিল। তেওঁ গীত, পদ, নাট, ৰচনা কৰিছিল ‘ব্ৰজাৱলী’ ভাষাত। কৃষ্ণৰ গুণানুকীৰ্তনেৰে কৃষ্ণ ভক্তিৰ জৰিয়তে এফালে ধৰ্ম প্ৰচাৰ, আনফালে সাধাৰণ মানুহৰ মনত সেই ভক্তিভাৱে এক শৃংখল জীৱনবোধৰ সন্ধান দিছিল।

গুৰুজনাৰ সৃষ্টিৰাজিক মূলতঃ কেবাটাও ভাগত ভাগ কৰিব পাৰি। তেওঁ ৰচনা সমূহৰ ভিতৰত কাব্য শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰি উপাখ্যানসমূহ। যেনে- হৰিশ্চন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিছলন, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, কুৰুক্ষেত্ৰ, গোপী-উদ্ভৱ সংবাদ, কৃষ্ণপ্ৰয়াণ, পাণ্ডৱ নিৰ্বাৰণ আদি।

ভক্তিতত্ত্বৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পৰা গুৰুজনাৰ ৰচনাৱলীসমূহ হ’ল-ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি-নৱসিদ্ধ সংবাদ, অনাদি পাতন। শংকৰদেৱে তেতিয়াই অনুবাদৰ জৰিয়তে অসমীয়া সাহিত্য সমৃদ্ধ কৰাৰ লগতে বাহিৰৰ জ্ঞান অসমীয়া সাধাৰণ লোকৰ মাজত বিলাই দিছিল। গুৰুজনাই ভাগৱত প্ৰথম আৰু দ্বিতীয় খণ্ড, দশম স্কন্ধৰ আদিছোৱা, দ্বাদশ স্কন্ধ, ৰামায়ণৰ উত্তৰা কাণ্ড আদি অনুবাদ কৰিছিল।

লক্ষণীয় যে সেই অনুবাদসমূহ আছিল গুৰুজনাৰ সৃষ্টি সদৃশ। অংকীয়া নাট শংকৰদেৱৰ অন্যতম এক সৃষ্টি। সেইসময়ত অংকীয়া নাটৰ ধাৰণা বিশ্বতেই আছিল নতুন। শংকৰদেৱে ৰচনা কৰা অংকীয়া নাটসমূহ হ’ল- পত্নী প্ৰসাদ, কালিয়দমন, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয় আদি।

ভাগৱতৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ক লৈ ৰচনা কৰিছিল এইখন কালিয়দমন নাটক। য’ত কালি নামৰ নাগে বাস কৰাৰ হ্ৰদৰ পানী বিষাক্ত হৈ পৰাৰ পাছত গোপবালকসকল অচেতন হৈ মৃত্যুৰ মুখত পৰিছিল। কৃষ্ণই নিজৰ শক্তিৰ বলত সেই নাগক পৰাস্ত কৰি গোপবালকসকলৰ জীৱন উভতাই আনিছিল। এই কাহিনী অতি সুন্দৰভাৱে গুৰুজনাই তুলি ধৰিছিল।

গুৰুজনাই ৰচনা কৰিছিল ২৩৪টা বৰগীত। ইয়াৰ ভিতৰত অধিকাংশই নষ্ট হ’ল। তাৰে ৩৫টাহে এতিয়া পোৱা যায়। সেইকেইটা হ’ল-

১. গোবিন্দ গুণ মনলাগি

২. আনন্দে গোবিন্দে বায় বৃন্দাবনে বেণু

৩. জয় জয় যাদৱ, জলনিধিজাধৱ ধাতা

৪. বালক গোপালে কৰতৰে কেলি

৫. বেসায়ো ভাৰস্তে হাট

৬. শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা

৭.উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু

৮. পাৱে পৰি হৰি কৰহোঁ কাতৰি

৯. ওৰে সখি পেখোৰে কঞ্জলোচন

১০. কমনে ৰময়া মন বিছুৰি ৰহু

১১.কমলনয়ন চিন্ত চিত্ত

১২. জীৱতু জয় যশোৱা-নন্দন

১৩. নাহি নাহি ৰময়া বিনে পাপ

১৪. সোই সোই ঠাকুৰ মোই

১৫. কহৰে উদ্ধৱ কহ প্ৰাণেৰ বান্ধৱ

১৬. ওঝা সোঝা পন্থ নাহেৰি

১৭. কি কহবো উদ্ধৱ কি কহবো প্ৰাণ

১৮. দেখু সখি! মধুৰ মূৰুতি হৰি

১৯. নাৰায়ণ, কাহে ভকতি কৰো তেৰা

২০. নাৰায়ণ চৰণে কৰোহে গোহাৰি

২১. নাৰায়ণ লীলা জানব কোই

২২. পামৰু মন ৰাম চৰণে চিত্ত দেহু

২৩. বোলহু ৰাম নামেসে মুকুতি নিদানা

২৪. মন মেৰি ৰাম চৰণেহি লাগু

২৫. ৰাম মেৰে হৃদয় পংকজে ৰৈছে

২৬. শাৰংগপাণী পাহে পামৰমতি হামি

২৭. হৰিক বয়ন হেৰি মাই

২৮. হেৰহু মায় চললি বিপিনে মধাই

২৯. কৈছে নৰহৰি তৰণ উপায়

৩০. বিৰহে আকুল গোপী হামাকু নিমিত্তে

৩১. মধুৰ মূৰুতি মুৰাৰু

৩২. গোপিনী প্ৰাণ কাহানু গেয়োৰে গোবিন্দ

৩৩. উদ্ধৱ চলহু গোকুল লাই

৩৪. গোপালে কি গতি কৈলে

৩৫. শ্ৰীৰাম, মই অতি পাপী পামৰ

এইবোৰৰ উপৰিও তেওঁ ভটিমা (দেৱভটিমা, নাটভটিমা, ৰাজভটিমা), টোটয়, চপয় ৰচনা কৰিছিল। সকলো দিশতে তেওঁ আছিল অনন্য। য’তেই হাত দিছিল, তাতেই তেওঁ সফল হৈছিল। অংকীয়া নাট কৰিবলৈ প্ৰয়োজন হোৱা মুখা  তেওঁ নিজাকৈ নিৰ্মাণ কৰিছিল, কাপোৰ বৈছিল। বৃন্দাবন বস্ত্ৰ গুৰুজনাৰ আছিল অনুপম সৃষ্টি। সেইদৰে নাম প্ৰসংগৰ বাবে তেওঁ কীৰ্তন, গুণমালা ৰচনা কৰিছিল।

শংকৰদেৱৰ জন্মহৈছিল বৰ্তমান নগাঁও জিলাৰ বৰদোৱা নামৰ ঠাইত। বৰদোৱাৰ পৰা ৮ মাইল দূৰত আলিপুখুৰী নামৰ ঠাইত তেওঁৰ জন্ম। ১৪৪৯ খ্ৰীষ্টাব্দ (১৩৭১ শকত) গুৰুজনাৰ জন্ম। তেওঁৰ দেউতাকৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধা দেৱী।

সৰুতে শংকৰদেৱৰ পিতৃ-মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন-পালন কৰিছিল। খেল-ধেমালিৰ প্ৰতি ৰাপ থকা শংকৰদেৱে ১২ বছৰ বয়সলৈকে বিদ্যালয়লৈ যোৱা নাছিল। তাৰপাছতহে বুঢ়ীমাকে মহেন্দ্ৰ কন্দলি নামৰ এজন অধ্যাপকৰ সংস্কৃত টোলত নাম লগাই দিছিল। অ, আ, ক, খ শিকিয়ে শংকৰদেৱে লিখিছিল ‘কৰতল কমল’ শীৰ্ষক এটি কবিতা-

কৰতল কমল কমল দল নয়ন ।
ভবদব দহন গহন বন শয়ন ॥
নপৰ নপৰ পৰ সতৰত গময় ।
সভয় মভয় ভয় মমহৰ সততয় ॥
খৰতৰ বৰশৰ হতদশ বদন ।
খগচৰ নগধৰ ফনধৰ শয়ন ॥
জগদঘ মপহৰ ভৱভয় তৰণ ।
পৰপদ লয়কৰ কমলজ নয়ন ॥

এই কবিতা পঢ়াৰ পাছতেই শিক্ষাগুৰু কন্দলিয়ে তেওঁক দেৱ উপাধি দিছিল আৰু ছাত্ৰসকলৰ ওপৰত ওজা ছাত্ৰ পাতিছিল। ৬ বছৰ তেওঁ অধ্যয়ন কৰি চাৰিবেদ, চৈধ্যশাস্ত্ৰ ক্ৰমে- শিক্ষা, কল্প, জ্যোতিষ, ৰীতি, নীতি, নিৰুক্ত, ছন্দঃ, শ্ৰুতি, স্মৃতি, মীমাংসা, তৰ্ক, কলাপ, তৃক, ন্যায় আৰু, ওঠৰ পুৰাণ –  মৎস্য, শিৱ, বিষ্ণু, স্কন্দ, বৰাহ, কুৰ্ম, গৰুড়, মাৰ্কণ্ডেয়, বামন, লিঙ্গ, ভৱিষ্য, ব্ৰক্ষ্মাণ্ড, বৈৱৰ্ত্ত, পদ্ম, নাৰদী, বৃহত্‌, অগ্নি, ভাগৱতত পাৰ্গত হৈ উঠিছিল।

তাৰোপৰি বহু কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠে। টোলত থাকোতেই তেওঁ লিখিছিল হৰিচন্দ্ৰ উপাখ্যান। ১২ বছৰ বয়সত শংকৰ হৈ টোললৈ অহা ল’ৰাটো ১৭ বছৰ বয়সত শংকৰদেৱ হৈ ঘৰলৈ উভতি গৈছিল। তেতিয়াই তেওঁ পণ্ডিত ৰূপে স্বীকৃতি লাভ কৰিছিল।

২১ বছৰ বয়সত তেওঁৰ শিৰোমণি ভূঞাৰ দায়িত্ব জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰি অধিক শাস্ত্ৰজ্ঞান লাভৰ বাবে মন মেলিছিল। দুই ককাক জয়ন্ত দলৈ আৰু মাধৱ দলৈয়ে ল’ৰাৰ সংসাৰৰ প্ৰতি বিৰাগ জন্মা বুলি ১৩৯২ শকত তেওঁক সূৰ্যৱতী নামৰ এগৰাকী কন্যাৰ সৈতে বিবাহ পাতি দিয়ে। তাৰ তিনি বছৰ পাছত তেওঁৰ পত্নীয়ে জন্ম দিছিল এটি কন্যা সন্তান। নাম থৈছিল মনু। কন্যা সন্তানটিৰ ৯ বছৰ বয়সতে মাকৰ মৃত্যু হয়। তাৰপাছত শংকৰদেৱে ৫৪বছৰ বয়সত কালিন্দীক দ্বিতীয় বিবাহ কৰে।

শংকৰদেৱৰ মন ঘৰত কেতিয়াও বহা নাছিল। তেওঁ বাহিৰৰ জগতখনৰ পৰা জ্ঞান অন্বেষণৰ বাবে ১৪০৩ শকতেই প্ৰথমবাৰ তীৰ্থলৈ গৈছিল। সেই যাত্ৰাত শংকৰদেৱৰ সংগী হৈছিল ১৭জনকৈ লোক। তাৰ ভিতৰত তেওঁৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী, ৰামৰাম, সৰ্বজয়, বলোৰাম, নাৰায়ণ আদিও আছিল। সেইবাৰ তেওঁ গংগাত স্নান কৰি জগন্নাথ, পুৰী, সীতাকুণ্ড, উত্তৰবাহিনী গংগা, মথুৰা, বৃন্দাবন আদি অনেক ঠাই ভ্ৰমণ কৰিছিল।

প্রথমবাৰ তীৰ্থ ভ্ৰমণ কৰোতেই তেওঁৰ মন শ্ৰীকৃষ্ণৰ লীলা আৰু ভক্তিৰসেৰে ভৰি পৰিছিল। ভাৰতৰ বিভিন্ন তীৰ্থস্থানৰ কৃষ্টি-সংস্কৃতি তেওঁ বুটলি আনিছিল। সেই সময়ত সমগ্ৰ ভাৰততে ভক্তি আন্দোলনে গা কৰি উঠিছিল। সেই ভক্তি আন্দোলনৰ বীজ শংকৰদেৱৰ মনতো ৰোপণ হৈছিল। তাকেই তেওঁ বিকাশ কৰি নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলন গঢ়ি তুলিছিল। তেওঁৰ চিন্তা-চেতনা গভীৰৰ পৰা গভীৰ হৈছিল। সেই বিস্তৃত চিন্তা-চেতনাই স্থানীয় লোকসকলৰ মনত বিশ্বজনীন আৰু আধ্যাত্মিকতাৰ এখন নতুন দুৱাৰ খোল খোৱাই দিছিল।

শংকৰদেৱৰ ধৰ্মীয় আচাৰ আৰু বিধিবোৰ আছিল সহজ। উচ্চ-নীচ, ধনী-দুখীয়া ব্যৱধান তেওঁ কেতিয়াও ৰখাব বিচৰা নাছিল। মানুহক একগোট কৰি এক ঈশ্বৰৰ বিশ্বাসেৰে সমাজত শান্তি-সম্প্ৰীতি আৰু প্ৰচলিত কিছু অবৈজ্ঞানিক ধ্যান-ধাৰণাৰ বিৰুদ্ধে যুক্তিৰে এই ভক্তি আন্দোলন গঢ়ি তুলিছিল শংকৰদেৱে। সেই সময়ত অসংখ্য দেৱ-দেৱীৰ পূজা চলিছিল।

শংকৰদেৱে বিশ্বাস কৰিছিল- এনেধৰণৰ ভিন্ন ঈশ্বৰবাদে সমাজখনক কেতিয়াও এক কৰিব নোৱাৰে। সেয়েহে তেওঁ সৰ্বসাধাৰণ মানুহৰ মাজত নাম-ধৰ্মৰ প্ৰচাৰ কৰি মুক্তি লাভৰ নতুন পথৰ সন্ধান দিব বিচাৰিছিল। ভাগৱতৰ ভক্তি আৰু গীতাৰ একশৰণ একত্ৰিত কৰি তেওঁ ভাগৱতীয় বৈষ্ণৱ নামধৰ্মৰ খুঁটি পুতিছিল। তেওঁৰ মতে, পৰমেশ্বৰ এজনেই।

সাংসাৰিক দুখ-যান্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ এই ঈশ্বৰৰ ওচৰতেই শৰণ ল’ব লাগিব। নাম-ধৰ্মই হৈছে ঈশ্বৰৰ প্ৰাপ্তিলাভৰ পথ। তেওঁৰ ধৰ্মত বলি-বিধান, যাগ-যজ্ঞ, পূজা-উপাসনাৰ স্থান নাছিল।

ভগৱানৰ বিষ্ণুৰ মহান গুণৰাশি জনসাধাৰণৰ মাজলৈ নিবলৈ তেওঁ নাটকৰ সহায় লৈছিল। চিহ্নযাত্ৰা আছিল তাৰ প্ৰমাণ। নাট্যকলাৰো জন্ম এনেদৰেই হৈছিল অসমত। তেতিয়াই ‘চিহ্ন’ নামৰ এখন নাটক লিখি সেইখন অভিনয় কৰি ঘূৰি ফুৰিছিল মানুহৰ মাজত। সংলাপহীন আছিল এই নাটক। বৰদোৱাতে ইয়াৰ চাৰিদিন, ৭ ৰাতি অভিনয় হৈছিল বুলি মানুহে কয়। ১৪৬৮ খ্ৰীষ্টাব্দত এই চিহ্ন যাত্ৰাৰ আৰম্ভ কৰিছিল শংকৰদেৱে।

শংকৰদেৱৰ ভক্তি আন্দোলন অসমৰ বাবে আছিল অতিকৈ গুৰুত্বপূৰ্ণ। সমাজ জীৱনক সলনি কৰি দিছিল এই ভক্তি আন্দোলনে। গুৰুজনাই বেলগুৰিত থাকোতেই প্ৰথম লগ পাইছিল মাধৱ দেৱক।মাধৱ দেৱ আছিল শাক্ত পন্থী। বলি-বিধান তেওঁ মানিছিল। পিতৃৰ বিয়োগৰ পাছত মাকৰ টান নৰিয়া হোৱাত দুৰ্গাপূজাৰ গোসানী লৈ দুটা পাঠা ছাগলী তেওঁ মনতে আগবঢ়াইছিল। বৈনায়েক ৰামদাসক মাধৱেদেৱে ছাগলী আনিব পঠাইছিল।

ৰামদাসে ছাগলী আনিবলৈ গৈ শংকৰদেৱক লগ পোৱাত তেওঁ শৰণ লৈ ছাগলী নোলোৱাকৈ ঘূৰি আহে। এই কথা মাধৱ দেৱক আহি কোৱাত মাধৱ দেৱৰ খং উঠিল। শংকৰদেৱৰ ওচৰলৈ মাধৱদেৱক লৈ যোৱাত দুয়োৰে মাজত প্ৰথম তৰ্ক যুদ্ধ হ’ল। দুয়ো নিজ নিজ যুক্তিত অটল। প্ৰায় ৯ ঘণ্টা সময় ধৰি যুক্তি চলি থাকিল।

শেষত শংকৰদেৱে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা এটি সুন্দৰ শ্লোক উল্লেখ কৰিলে। তাতেই মাধৱ দেৱ শান্ত হ’ল। বিতৰ্ক অন্ত পৰিল। শংকৰদেৱক তেওঁ গুৰুৰূপে মানি ল’লে। শংকৰদেৱে কৈছিল- ‘যথাতৰোৰ্মূল নিষচনেন, তৃপ্যন্তি তত্‌স্কন্ধ- বুজোপশাখা: প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়াণাং তথা চ সৰ্বাচৰ্নমচ্যতেঙ্গ্যা।’ ইয়াকে কোৱা হয় মণি-কাঞ্চণ সংযোগ।

শংকৰদেৱৰ বিষয়ে আমি সকলোৱে কম-বেছি পৰিমাণে জানো। তেওঁৰ জনপ্ৰিয়তা বাঢ়িছে। কিন্তু গুৰুজনাৰ আদৰ্শ আমাৰ অসমীয়া সমাজত কিমান গভীৰভাৱে বিৰাজ কৰিছে তাত সন্দেহ আছে। এনে দিনো গৈছে এইগৰাকী জগতগুৰুৰ জন্মজয়ন্তীত এদিন দুৰ্গাপূজাৰ উৎসাহ-উদ্দীপনাৰ মাজত হেৰাই গৈছিল। কিন্তু পৰৱৰ্তী সময়ত সেয়া আকৌ জাতীয় জীৱন তথা অসমীয়া চেতনাৰ মাজত নতুনকৈ প্ৰাণ পাই উঠিছে। ৫৭০ বছৰ হ’ল শংকৰদেৱৰ জন্ম হোৱা। ইমান দীৰ্ঘসময় কোনো এজন লোকক এনেদৰে কোনো এটা জাতিয়ে মনত ৰখাতো সহজ কথা নহয়।

শংকৰদেৱৰ আদৰ্শক আগুৱাই নিবৰ বাবে সুস্পষ্ট গৱেষণা এতিয়াও হোৱা নাই। নামঘৰসমূহ স্থাপন কৰাতো শংকৰদেৱৰ আছিল সাম্যবাদৰ অন্যতম উদাহৰণ। সেই নামঘৰতে নাম-কীৰ্তন, শুভ কামৰ আৰম্ভণি, ৰাজহুৱা মঞ্চ, বিচাৰ, সংস্কৃতিৰ চৰ্চা আদি সকলো হৈছিল। গ্ৰাম্য অৰ্থনীতিৰ পৰিকাঠামো তেওঁ নিৰ্মাণ কৰিব খুজিছিল অসমীয়া সমাজত। কৰ্মমুখী কৰিব বিচাৰিছিল অসমৰ যুৱক-যুৱতীসকলক। সকলো বস্তু থলুৱাভাৱে নিৰ্মাণ কৰাৰ পোষকতা কৰিছিল শংকৰদেৱে। তাত কাৰোৱেই সন্দেহ থাকিব নোৱাৰে।

সত্ৰসমূহ এতিয়া সংস্কৃতিৰ পীঠস্থান বুলি কোৱা হয়। ভাল লগা কথাতো হ’ল- এক স্বাৱলম্বী জাতিৰ সপোন দেখা শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ লগতে আন সকলো দিশক গুৰুত্ব দিছিল। বৰ্তমান নতুন প্ৰজন্মই শংকৰদেৱৰ সৃষ্টি সত্ৰীয়া নৃত্যক কেৰিয়াৰ ৰূপে গ্ৰহণ কৰা দেখা গৈছে। বিশ্বৰ আন গুৰু সংগীতৰ সৈতে শংকৰদেৱে বৰগীতক এনে এক পৰ্যায়ত স্থাপন কৰি গৈছে যে তাৰ তুলনা কিছু কিছু দিশত সেই গুৰুসংগীতৰ উচ্চপৰ্যায়ৰ। এইবোৰ সাধাৰণ লোকৰ মন্তব্য নহয়। মাটি আখৰা গুৰুজনাই সুস্থ-সবল মনৰ বাবে প্ৰয়োজনীয় বুলি তেতিয়াই বিশ্বাস কৰিছিল। যিটো সত্ৰীয়া নৃত্যৰ বাবে আছিল অতিকৈ প্ৰয়োজনীয়। ইয়াৰ দ্বাৰাই শৰীৰটোক নাচৰ উপযোগী কৰি শুদ্ধভাৱে গঢ়ি তোলাত সহায়ক হয়।

মাটি আখৰা শিকিলেহে ধ্ৰুপদী নৃত্যৰ অধিকাংশ কথা শিকিব পাৰি। এই আখৰা শিকিবলৈ আজিও মাজুলীলৈ দৌৰি আহে বহু দেশ-বিদেশৰ লোক। তাৰ ভিতৰত থাকে বিশ্বৰ নামি-দামী নৃত্য শিল্পীসকলো। এই আখৰাৰ আৰম্ভণিতে শিকা জনে তললৈ পেট পেলাই সোফালে গল ঘূৰাই বাহুৰ সমানে হাতখন মেলি দি ভৰি দুখন সমানে সম্প্ৰসাৰিত কৰিব লাগে। আঁঠুৰ তলচোৱা আনি তাৰপাছত গুৰুহাত লগাব লাগিব।গুৰুৱে সোভৰিৰে বাহুৰ পৰা ক্ৰমে টপিনালৈকে গচকি দিলে গাতো শিথিল কৰি দিয়ে। এই আখৰা সম্পূৰ্ণ কৰাৰ পাছতহে প্ৰথম নৃত্য শিকাৰুক নৃত্যৰ সৰলভংগী কৰিবলৈ দিয়া হয়। প্ৰত্যেক সত্ৰৰে আছে নিজা নিজা মাটি আখৰা। সেই সংখ্যা ভিন্ন। ইয়াৰ ভিতৰত কেইটামান উল্লেখযোগ্য মাটি আখৰা হ’ল- বহি মূৰুকা, থিয় মূৰুকা, মতা ওৰা, মাইকী ওৰা, ওৰাত বহা, ওৰা-চটা, খৰ, লুটি-খৰ, টমান-মুচৰা, ভাৰ-ভগা, হাত-পকোৱা, ম’ৰাই পানী খোৱা, বাঘ জাপ আদি ৷  নাৰায়ন চন্দ্ৰ গোস্বামীয়ে ‘সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা’ নামৰ গ্ৰন্থত ৭০টা মাটি আখৰাৰ বৰ্ণনা দিছে৷ তেনে কেইটামান আখৰা হ’ল- ওৰা, ওৰাত বহা, ওৰাত গেৰুৱা লগোৱা, ওৰা চটা, ওৰাত জাপ, খৰ, লুটি খৰ, চিত খৰ, চিতা পাক, গোৰ পাক, চেৰেকী পাক, উঘা পাক, কাতি পাক, উৰ পাক, টুকুৰা পাক, আকল পাক, শাৰী পাক, মাইকী পাক, ভেকোলা জাপ, বাঘ জাপ আদি৷

গুৰুজনাই উদাৰ মনোভাৱেৰে অসমীয়া সমাজখন গঢ়িছিল। ইয়াত কোনো ভেদ-ভাব ৰাখিব বিচৰা নাছিল। ধৰ্মীয় এই সংস্কাৰ আৰু প্ৰগতিবাদী চিন্তা-ধাৰাক আমি কেতিয়াবা ধৰি ৰাখিব পৰা নাই। সেই উদাৰতাৰ মাজতেই বিভিন্ন শক্তিয়ে আমাক ধৰ্মীয় আৰু জাত-ভেদৰ মেৰুবিভাজনেৰে বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। অসমীয়া জাতীয় সত্তাক বুজিবলৈ শংকৰদেৱৰ কৰ্মৰাজি আৰু দৰ্শনক অতি সুক্ষ্মভাৱে অধ্যয়ন কৰিব লাগিব। কেৱল জন্মজয়ন্তীত নাম-কীৰ্তন পাতিলেই গুৰুজনাৰ আদৰ্শৰ সমাজত প্ৰতিষ্ঠা নহয়। এই দিশত গুৰুজনাৰ আদৰ্শক আগুৱাই নিব খোজা বৃহৎ অনুষ্ঠানসমূহৰো দায়িত্ব আছে। তেনে অনুষ্ঠানসমূহে গুৰুজনাক সৰ্বগ্ৰহণযোগ্য কৰিব পৰাকৈ তেওঁৰ চিন্তা-চেতনাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটাব লাগিব। কেৱল এক নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত নিজাকৈ প্ৰস্তুত কৰা কিছু নীতি নিয়মেৰে গুৰুজনাক মানুহৰ মাজলৈ নিব নোৱাৰে। ইয়াৰ বাবে সেইসকল ব্যক্তি তথা অনুষ্ঠানৰ মানসিকতাৰ কিছু কিছু দিশত সলনি কৰাৰো প্ৰয়োজন নথকা নহয়। শংকৰদেৱৰ ধ্যান-ধাৰণা ইমান বিস্তৃত যে তাক বিভিন্ন ধৰণে বাখ্যা কৰিব পাৰি। সেই বাখ্যাত কেতিয়াবা সংৰ্কীনতা বা অতি ধৰ্মকেন্দ্ৰিক ভাৱ-ধাৰাৰ প্ৰৱেশ ঘটিছে নেকি তাকো আমি বিচাৰ কৰিব লাগিব। শংকৰদেৱ মানেই এজন ধৰ্ম প্ৰচাৰক নহয়। তেওঁ এক সত্তা। যিমান দিনলৈ অসমীয়া জাতি থাকিব বা বৰলুইত বৈ থাকিব, সিমান দিনলৈকে এইজনা মহাপুৰুষৰ চিন্তা-চেতনাই আমাক আৱৰি ধৰি ৰাখিব। ইয়াক আমি কি পৰ্যায়লৈ লৈ গৈ সময় সাপেক্ষে আমাৰ মানসিক ধ্যান-ধাৰণাৰ সৈতে সংপৃক্ত কৰি মানুহৰ কল্যাণৰ হকে প্ৰচাৰ কৰিব পাৰো তাৰ ওপৰতে গুৰুজনাৰ এই দৰ্শনৰ গ্ৰহণযোগ্যতা বহুখিনি নিৰ্ভৰ কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি