শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব ৰূপালী জয়ন্তী সমাৰোহ

শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব ৰূপালী জয়ন্তী সমাৰোহ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান বটদ্ৰৱা শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়ে ৰূপালী জয়ন্তী বর্ষ অতিক্ৰম কৰিছে। ৰূপালী জয়ন্তী সমাৰোহ উদযাপনৰ উদ্দেশ্যৰে মঙলবাৰে মহাবিদ্যালয়ত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়৷ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখনি।

সভাৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে অহা ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়া বিস্তৃত কার্যক্ৰমনিকাৰে অনুষ্ঠিত হ'বলগীয়া ৰূপালী জয়ন্তী উৎসৱটি সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাক সভাপতি, ধনীয়াভেটি হাইস্কুলৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামক উপ-সভাপতি, মহাবিদ্যালয়খনৰ অধ্যক্ষ হবিবুৰ ৰহমানক মুখ্য সম্পাদক তথা জোনাৰাম বৰুৱা আৰু অধ্যাপক শ্বৰিফুল ইছলামক যুটীয়া সম্পাদক হিচাপে লৈ মুঠ ৫১ জনীয়া উদযাপন সমিতিৰ কার্যকৰী কমিটী গঠন কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in