শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

আৰম্ভ হ’ল বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ পাঠদান…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ দীৰ্ঘদিনৰ বিৰতিৰ অন্তত সোমবাৰৰ পৰা আৰম্ভ হ’ল বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পাঠদান কাৰ্য্যসূচী।কোভিড নীতি নিয়ম মানি খোল খালে শ্ৰেণীকোঠাৰ দুৱাৰ। বটদ্ৰৱাটো ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত বহুদিনৰ পাছত শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয় প্ৰাংগনত ইজনে সিজনক লগ পাই উৎফুল্লিত হৈ পৰে।

চৰকাৰৰ নীতি নিৰ্দেশনা মানি শ্ৰেণীকোঠাত ৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আৰম্ভ কৰিলে পাঠদান। মহাবিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰ ছাত্ৰী সকলক কোভিড প্ৰ’টকল ৰক্ষা কৰি মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰি অতিকমেও এটা কোভিড ভেকচিন গ্ৰহণ কৰি মহাবিদ্যালয়লৈ আহিবলৈ আহ্বান জনালে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি