শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপনৰ ঠাইত ধান দোৱা, নৰা কটা পৰ্ব…

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপনৰ ঠাইত ধান দোৱা, নৰা কটা পৰ্ব…

ডিজিটেল সংবাদ নাহৰকটীয়াঃ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশন খনি ২২ চনৰ ফেব্ৰুৱাৰী ৩,৪ আৰু ৫ তাৰিখে নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হব। বাৰ্ষিক অধিৱেশন খনৰ উপলক্ষে অহা ২১ নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে লাইখুঁটা স্থাপন কৰিব । সেয়েহে সোমবাৰে ৰাঙলী পথাৰৰ স্থানীয় ৰাইজৰ লগতে দুলীয়াজান, টিংখং, টেঙাখাট, নাহৰকটীয়া আৰু নামৰূপৰ পৰা শতাধিক মহিলাই লাইখুঁটা পুতা ঠাইত ধান দোৱা আৰু নৰা কটা পৰ্ব ৰূপায়ন কৰে।

এই পৰ্বৰ মাজতে দাৱনী সকলে গুৰুজনাৰ অপূৰ্ব সৃষ্টি দিহানাম আৰু বিহুগীত গাই এক সুন্দৰ পৰিবেশ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰে। প্ৰায় দহ হাজাৰ ভকত বৈষ্ণৱ সমাগম হব লগা এই কাৰ্য্যসূচীত ভকত সকলক আদৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে উদযাপন সমিতিৰ সম্পাদক হৰি প্ৰসাদ গগৈয়ে ।

এই ধান দোৱা পৰ্বত প্ৰাক্তন বিধায়িকা প্ৰণতি ফুকনে নিজে ধান কটাৰ লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোককে অধিৱেশনস্থলিত উপস্থিত থাকি অধিৱেশন খনি সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনায়। ইফালে ২০ নৱেম্বৰৰ সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতি কাৰ্য্যনিৰ্বাহক সভা আৰু সেৱাবাহিনীৰ সাধাৰণ পৰিষদৰ সভাখন সেই স্থানতে অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে। এই অনুষ্ঠানত আই মাতৃসকলক পানী যোগান ধৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in