২ বছৰৰ ঘৰৰ ভিতৰত পাৰ কৰা ৯০ ঊৰ্ধ্বৰ প্ৰবীণকলৈ শংকৰ-মাধৱ কেন্দ্ৰৰ প্ৰেৰণাদায়ক অনুষ্ঠান…

২ বছৰৰ ঘৰৰ ভিতৰত পাৰ কৰা ৯০ ঊৰ্ধ্বৰ প্ৰবীণকলৈ শংকৰ-মাধৱ কেন্দ্ৰৰ  প্ৰেৰণাদায়ক অনুষ্ঠান…

ডিজিটেল সংবাদ গুৱাহাটীঃ কোভিড অতিমাৰীৰ বিভীষিকাই বিশ্বৰ লগতে অসমতো ৬০ উৰ্ধৰ বয়োবৃদ্ধ লোকসকলক সাম্ভাব্য সংক্ৰমণৰ আশংকাৰ বাবে ঘৰতে থাকিবলৈ বাধ্য কৰিছে। আবদ্ধ ঘৰৰ ভিতৰত দুবছৰ পৰা কৰা এইসকলৰ মাজৰে একাংশ হেৰাই গ'ল যদিও বহু বয়োবৃদ্ধ লোক কোভিড সংক্ৰমণৰ পৰা বাছি থাকিবলৈ সক্ষম হ'ল।

ইয়াৰ ভিতৰত শতায়ু গৰকা লোকো আছে। গুৱাহাটী মহানগৰীত এনে লোকৰ সংখ্যা ৰাজ্যখনৰ ভিতৰতে বহু বেছি। এইসকল লোক স্বচ্ছতা আৰু সংক্ৰমণ প্ৰতিৰোধৰ অভিযানত জড়িতসকলৰ বাবেও এক প্ৰেৰণাস্বৰূপ। এনে দৃষ্টিভংগী সন্মুখত ৰাখিয়েই ৩১ অক্টোবৰৰ দিনা গুৱাহাটী নবীন নগৰত অৱস্থিত শ্ৰী শ্ৰী শংকৰ-মাধৱ সেৱা কেন্দ্ৰত ৮০ ঊৰ্ধ্বৰ লোকসকলক অভিনন্দন তথা সম্বৰ্ধনা জনাই পিচৰ প্ৰজন্মই আশীৰ্বাদ লোৱাৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

সেই উপলক্ষে শ্ৰীশ্ৰী শংকৰ-মাধৱ সেৱা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বিয়লি ৩-৩০ বজাত এখন সভা অনুষ্ঠিত হয়। কোভিড প্ৰট'কল মানি অনুষ্ঠিত কৰা সভাৰ আৰম্ভণিতে ৰিদ্ধি মহন্তই এটি বৰগীত পৰিবেশন কৰে। অনুষ্ঠানটোত ৮১ বছৰৰ পৰা ৯০ উৰ্ধ্বৰ অঞ্চলটোৰ বহু সংখ্যক লোক উপস্থিত থাকে। তেখেতসকলক প্ৰথমে এখন গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিগৰাকীকে সেৱা কেন্দ্ৰৰ তৰফৰ পৰা একোখনকৈ ধৰ্মগ্ৰন্থ প্ৰদান কৰা হয়।

বহুদিনৰ বিৰতিৰ মূৰত অঞ্চলটোৰ বয়োজ্যেষ্ঠ পুৰুষ-মহিলাসকল এনেদৰে গোট খাবলৈ পাই আহ্লাদিত হৈ পৰে আৰু উদ্যোক্তাসকলৰ মাজত যোৱা সময়ছোৱাত তেওঁলোকৰ অভিজ্ঞতাৰ বৰ্ণনা দাঙি ধৰি মসৃণ জীৱন যাপন তথা ঈশ্বৰ উপাসনা যোগাভ্যাস আদিৰ জৰিয়তে নিজকে কিদৰে শৰীৰক সুস্থ কৰি ৰাখিব পাৰি আৰু সৃষ্টিশীল কামত নিয়োজিত হৈ পৰিতৃপ্তি লাভ কৰিব পাৰি এনোবোৰ বিষয়ৰ বাৰ্তালাপ কৰে। সভাৰ শেষত বিদ্যজ্যোতি হাজৰিকাই সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু সমূহীয়া ঘোষা পৰিবেশনেৰে সভাৰ সামৰণি মাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in