কলাক্ষেত্ৰৰ প্ৰাংগনত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ সংখ্যক জন্ম জয়ন্তী আৰু সত্ৰীয়া সংস্কৃতি সমাৰোহ ২০১৯ৰ শুভাৰম্ভণি…

কলাক্ষেত্ৰৰ প্ৰাংগনত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ সংখ্যক জন্ম জয়ন্তী আৰু সত্ৰীয়া সংস্কৃতি সমাৰোহ ২০১৯ৰ শুভাৰম্ভণি…

ডিজিটেল সংবাদ, গুৱাহাটীঃবৃহস্পতিবাৰৰে পৰা গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ সংখ্যক জন্ম জয়ন্তী আৰু সত্ৰীয়া সংস্কৃতি সমাৰোহ ২০১৯। পুৱা উষা কীৰ্তনৰ পিছতে ছয়বজাত গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। প্ৰতিষ্ঠা কৰে তিতাবৰৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভৱকান্ত দেৱ গোস্বামীয়ে। ইয়াৰ পিছতে পুৱা ৭ বজাত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ভক্ত সকলে পুৱা প্ৰসংগ কৰি মণ্ডপস্থলী পবিত্ৰময় কৰি তোলে।

পুৱা ৯ বজাত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে মূল ধৰ্মধ্বজ্জা আৰু আমন্ত্ৰিত অতিথি সকলে মুঠ ১৮ খন ধৰ্মধ্বজ্জা উত্তোলন কৰি মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিভিন্ন সত্ৰৰ বুঢ়া ভকত সকল, উদযাপন সমিতিৰ সভাপতি হৃষীকেশ গোস্বামী, সম্পাদক তথা কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি বিষয়ববীয়া সকল, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা, সাংস্কৃতিক বিভাগৰ সঞ্চালিকাকে ধৰি মুঠ ওঠৰ গৰাকী ব্যক্তিয়ে ওঠৰখন ধৰ্মধ্বজ্জা উত্তোলন কৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় ভাগৱত পৰিভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ শুভাৰম্ভনি কৰে পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শিল্পী সকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰা হয়। বিশিষ্ট শিল্পী নুৰুদ্দিন আহমেদৰ উপস্থিতিত দ্বাৰ মুকলি কৰে জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই। এই প্ৰদৰ্শনীত উত্তৰ কমলাবাৰী, আউনীআটি, বৰপেটা, বৰদোৱা সত্ৰকে ধৰি অসমৰ কেবাখনো প্ৰাচীন সত্ৰত সংৰক্ষিত হৈ থকা বিভিন্ন সম্পদৰাজিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ পিছতে সমাৰোহথলীত সজাই পৰাই উলিওৱা আৰ্হি কীৰ্তনঘৰত গায়ন-বায়ন আৰু বাহাৰ নাচ প্ৰদৰ্শন কৰা হয়। দুপৰীয়া আৰম্ভ হয় ভাওনা সমাৰোহ। সুদৃশ্য আৰ্হি কীৰ্তনঘৰত আৰম্ভ হয় ভাওনা সমাৰোহ। ইয়াতে চোৰধৰা, পিম্পৰা গুচোৱা আৰু ভূমিলেটোৱা ঝুমুৰা প্ৰদৰ্শন কৰা হয়। আবেলিলৈ অনুষ্ঠিত হয় ৰজাঘৰীয়া চালি নৃত্য প্ৰদৰ্শন। চাৰিবজাত পুনৰ অৰ্জুন ভঞ্জন ঝুমুৰা প্ৰদৰ্শন কৰা হয়। বিয়লি অনুষ্ঠিত হয় জনগোষ্ঠীয় নৃত্য সমাৰোহ। এই সমাৰোহত অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী মুখ্য অতিথি ৰূপে উপস্থিত থাকে।

সন্ধিয়ালৈ সান্ধ্য প্ৰসংগ আৰু সামূহিক বন্তি প্ৰজ্বলন অনুষ্ঠিত হয় । নিশালৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত অংকীয়া নাটকৰ প্ৰদৰ্শনৰ শুভাৰম্ভ কৰিব বিধায়ক ড° ৰণোজ পেগুৱে। ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাংস্কৃতিক সমাৰোহ।

শুকুৰবাৰে আই সকলৰ দিহা নাম, সত্ৰীয়া সংস্কৃতিৰ বিষয়ে ৰাষ্ট্ৰীয় আলোচনাচক্ৰ, মাধৱদেৱ বিৰচিত ঝুমুৰা প্ৰদৰ্শন, ধৰ্মাচাৰ্য সন্মিলন, বৰ অসমৰ জনগোষ্ঠীয় সাংস্কৃতিক মিলন সত্ৰ, সংগীতময় ভাগৱত প্ৰবচন, অংকীয়া নাট সমাৰোহ অনুষ্ঠিত হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in