দুৰ্ভগীয়া নন্দিতাৰ গৃহত শ্রম মন্ত্ৰী সঞ্জয় কৃষাণ,পৰিয়ালৰ এজনক সংস্থাপণৰ আশ্বাস…

দুৰ্ভগীয়া নন্দিতাৰ গৃহত শ্রম মন্ত্ৰী সঞ্জয় কৃষাণ,পৰিয়ালৰ এজনক সংস্থাপণৰ আশ্বাস…

ডিজিটেল সংবাদ,ঢকুৱাখনা:  ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ  এগৰাকী খুব সম্ভাৱনাময়ী মেধাবী ছাত্ৰী  নন্দিতা শইকীয়াৰ বৰ্বৰৰোচিত হত্যাকাণ্ড সংঘটিত হোৱাৰ  ১০ দিনৰ পাছত  শনিবাৰে  দুৰ্ভগীয়া পৰিয়ালটোৰ মাজত উপস্থিত হয় ৰাজ্য চৰকাৰৰ শ্ৰম  মন্ত্ৰী তথা  লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণ।শনিবাৰে দুপৰীয়া ১২ বজাত  ঢকুৱাখনা নগৰৰ কাঠৰবাৰী গাঁওস্থিত নন্দিতাৰ বাস গৃহত লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত চটাৱান, আৰক্ষী অধীক্ষক ডঃ বেদান্ত মাধৱ  ৰাজখোৱাৰ সহযোগত  মন্ত্ৰী গৰাকী উপস্থিত হৈ  প্ৰথমেই  নন্দিতাৰ  প্ৰতিচ্ছৱিত পুষ্প মাল্য প্ৰদান কৰি ধূপ জ্বলাই  প্ৰাৰ্থনা কৰে।

  ঢকুৱাখনা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত মাচি তপ্ন,  ৰাজহ চক্ৰ বিষয়া  ৰাহুল পেগুৰ উপস্থিতিত  মন্ত্ৰী কৃষানে  এই বৰ্বৰৰোচিত জঘন্য হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰথমৰে পৰা  জ্ঞাত বুলি কৈ দোষীক উপযুক্ত আইন সংগত  শাস্তি বিহিবই বুলি মন্তব্য কৰে।  পিতৃ নবীন শইকীয়া,মাতৃ জোনালী শইকীয়াৰ  হিয়া ভগা কান্দোনত  শোকৰ বন্যা বোৱা  মৰ্মান্তিক পৰিবেশৰ মাজতে দুৰ্ভগীয়া পিতৃৰ  কাতৰ আহ্বান ''যিদিনা নৰ পিশাচ,নৰখাদক ৰিণ্টু শৰ্মাক ফাঁচী কাঠত ওলমাৰ  বাতৰি শুনিম সেইদিনাহে  এই শোকৰ গধুৰ বোজা কিছু উপশম পাম।সেই ঘাটকটোক ফাঁচি দিলেহে নন্দিতাৰ আত্মায়ো শান্তি পাব । তাক মৃত্যুদণ্ড বিহক''।

  শোক বিহ্বল মাতৃ জোনালী শইকীয়াই  নৰহত্যাকাৰীটোক  মৃত্যুদণ্ড দি  নন্দিতাক ন্যায় দিয়াৰ বাবে মন্ত্ৰী গৰাকীৰ ভৰিত ধৰি এনে শাস্তিৰে দণ্ডিত কৰাৰ  সকাতৰ আহ্বান জনায়।দুই দুৰ্ভগীয়া  পিতৃ মাতৃৰ  হিয়া ভগা কান্দোন আৰু অব্যক্ত বেদনাত মন্ত্ৰী কৃষাণেও লুটক বোৱাই  প্ৰতিশ্ৰুতি দিয়ে  আস্থা বিশ্বাস আৰু ধৈৰ্য ৰাখক ন্যায় পাবই ।  সমগ্ৰ চৰকাৰ আপোনালোকৰ লগত আছো।

বিগত ১১টা দিনে  উপাৰ্জনহীন  দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ আশা ভৰসাৰ সম্বল স্বৰূপ  নন্দিতাবিহীন ঘৰখন  শোকৰ বন্যা  বোৱাৰ মাজতে  মন্ত্ৰী কৃষানে  " অসমীয়া প্ৰতিদিন"ক কয় আৰু মাত্ৰ দুটামান ৰিপৰ্ট আহিবলৈ বাকী আছে । সেই দুটা বিভাগীয়  চূড়ান্ত ৰিপৰ্ট  আৰক্ষীৰ হাতলৈ আহিলেই  এই  গোচৰে নতুন গতি পাব। গোচৰে সন্তোষজনক ভাবে আগবাঢ়িছে আৰু সোনকালেই চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব পাৰিব আৰু দোষীয়ে উপযুক্ত শাস্তি পাব।   "অসমীয়া প্ৰতিদিন"ৰ তৰফৰ পৰা   দুৰ্ভগীয়া,দৰিদ্ৰ,  উপাৰ্জনহীন পৰিয়ালটোৰ এগৰাকী যোগ্য  ব্যক্তিক চৰকাৰী ভাবে সংস্থাপিত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত  মন্ত্ৰী কৃষানে কয় তেনে উদ্দেশ্যেৰেই মুখ্যমন্ত্ৰী গৰাকীয়ে তেঁওক নন্দিতাৰ ঘৰলৈ পঠাইছে  সমগ্ৰ ব্যৱস্থাপনাৰ বুজ লবলৈ।

সমগ্ৰ দিশটো অধ্যয়ন কৰি উপযুক্ত ব্যক্তিক সংস্থাপন দিয়াৰ  কথা  চিন্তা কৰা হৈছে। মুখ্যমন্ত্ৰী নিজেই এবাৰ নন্দিতাৰ ঘৰলৈ অহাৰ বাবে প্ৰবল ইচ্ছুক বুলি কৈ আমাৰ চৰকাৰ দুৰ্ভগীয়া পৰিয়ালটোৰ লগত আছে  আৰু নিশ্চিত ভাবে পৰিয়ালটোৰ বাবে কৰণীয় বহুত আছে ,  তাক কৰিবই বুলি প্ৰতিশ্ৰুতি দিয়ে ।   মন্ত্ৰী গৰাকীৰ এনে  ৰাজহুৱা প্ৰতিশ্ৰুতিত আশ্বস্ত হৈ  শোকাগ্ৰস্ত পৰিয়ালটোৰ দুখৰ সমভাগী হোৱা ব্যক্তি সংগঠনে  শীঘ্ৰে মন্ত্ৰী গৰাকীৰ এই আশ্বাস কাৰ্যকৰী কৰাৰ আহ্বান জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in