বিশিষ্ট ব্যবসায়ী সঞ্জীব বৰুৱাৰ মৃত্যু

বিশিষ্ট ব্যবসায়ী সঞ্জীব বৰুৱাৰ মৃত্যু

ডিজিটেল সংবাদ নগাঁও : নগাঁৱৰ বিশিষ্ট ব্যবসায়ী সঞ্জীব কুমাৰ বৰুৱাই বুধবাৰে মৃত্যুক সাবতি লয় ৷ দিছপুৰ হাস্পাতালত মৃত্যুক সাবতি লোৱা সঞ্জীব কুমাৰ বৰুৱাৰ মৃত্যুয়ে শোঁকৰ ছাঁ পেলাইছে নগাঁও চহৰত ৷ ব্যবসায় কৰিবলৈ আগবাঢ়ি অহা অসমীয়া যুবকক উৎসাহিত কৰি অহা সকলোৰে পৰিচিত সঞ্জীব কুমাৰ বৰুৱা 'ৰঞ্জু দা' নামেৰে পৰিচিত।

অমায়িকতাৰ বাবে সকলোৰে আদৰৰ আছিল এইগৰাকী ব্যৱসায়ী৷ হৃদ ৰোগত আক্ৰান্ত হোৱা বৰুৱাক পৰিয়ালৰ লোকে প্ৰথমে নগাঁৱলা আৰু পৰবৰ্তী সময়ত গুৱাহাটী লৈ উচ্চ চিকিৎসাৰ বাবে নিছিল ৷ বিয়লি ১-১০ বজাত চিকিৎসাধীন অবস্থাতে তেওঁ মৃত্যুক সাবতি লয় ৷ নগাঁও চহৰৰ ভোলা বৰুৱা পথৰ নিবাসী ৬২ বছৰীয়া সঞ্জীব কুমাৰ বৰুৱাই মৃত্যুৰ সময়ত পত্নী , পুত্ৰ , এগৰাকী কন্যাক এৰি থৈ গৈছে ৷ বিশিষ্ট ব্যবসায়ী জনৰ মৃত্যুত বিধায়ক ৰূপক শৰ্মাই গভীৰ শোঁক প্ৰকাশ কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in