মুম্বাইৰ আণ্ডাৰ ৱৰ্ল্ড ডনৰ সৈতে আছিল ইন্দিৰা গান্ধীৰ সম্পৰ্কঃ শিৱসেনাৰ সাংসদৰ বিস্ফোৰক মন্তব্য

মুম্বাইৰ আণ্ডাৰ ৱৰ্ল্ড ডনৰ সৈতে আছিল ইন্দিৰা গান্ধীৰ সম্পৰ্কঃ শিৱসেনাৰ সাংসদৰ বিস্ফোৰক মন্তব্য

ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন প্ৰধামন্ত্ৰী ইন্দিৰা গান্ধী আৰু আণ্ডাৰৱৰ্ল্ড ডন কৰিম লালাক লৈ শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে কৰা মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত। মহাৰাষ্ট্ৰত শিৱসেনাৰ মিত্ৰদল কংগ্ৰেছৰ সৈতে সঞ্জয় ৰাউটৰ এই মন্তব্যৰ পিছতে মতবিৰোধ বৃদ্ধি পোৱাৰো আশংকা কৰিছে বিভিন্নজনে।

বুধবাৰে পুনেত আয়োজিত এক বঁটা প্ৰদান সমাৰোহত অংশ লোৱাৰ অন্তত সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত শিৱসেনাৰ নেতাগৰাকীয়ে দাবী কৰে যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আণ্ডাৰৱৰ্ল্ড ডন কৰিম লালাক প্ৰায়ে সাক্ষাৎ কৰিছিল। ৰাউটে লগতে কয় যে সেই সময়ত আণ্ডাৰৱৰ্ল্ডৰ লোকসকলেই নিৰ্ধাৰণ কৰিছিল যে কোনে মুম্বাই আৰক্ষীৰ আয়ুক্ত পদ লাভ কৰিব। আনকি সচিবালয়ত কোনে নিযুক্তি লাভ কৰিব সেয়াও আণ্ডাৰ ৱৰ্ল্ডৰ লোক সকলেই নিৰ্ধাৰণ কৰিছিল বুলিও দাবী কৰে শিৱসেনাৰ নেতাগৰাকীয়ে।

ৰাউটে সাক্ষাৎকাৰত কয় যে সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দক্ষিণ মুম্বাইৰ পায়াধুনী এলেকাত কৰিম লালাক লগ কৰিবলৈ প্ৰায়ে গৈছিল। আনহাতে সেই সময়ত যেতিয়া হাজী মস্তানে সচিবালয়ত প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁক চাবলৈ সচিবালয়ৰ বিষয়াসকলেও ভিৰ কৰিছিল। উল্লেখ্য যে, ১৯৬০ দশকৰ পৰা ১৯৮০ দশকলৈ মুম্বাইত অবৈধ সুৰা, জুৱা আৰু বলপূৰ্বক ধন সংগ্ৰহৰ ৰেকেট চলোৱা আণ্ডাৰৱৰ্ল্ড ডন কৰীম লালাৰ মৃত্যু হয় ২০০২ চনত।

শিৱসেনাৰ নেতাগৰাকীয়ে কয়, 'সেয়া আণ্ডাৰ ৱৰ্ল্ডৰ অধিপত্যৰ দিন আছিল। পৰৱৰ্তী সময়ত বহু কেইজন ডনে দেশ এৰি পলায়ন কৰে। এতিয়া সেই দিন নাই।' আনহাতে সাক্ষাৎকাৰত সঞ্জয় ৰাউটে আণ্ডাৰ ৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমক তেওঁ লগ পোৱা বুলিও দাবী কৰে। সেই সময়ত তেওঁ সাংবাদিক আছিল বুলি মন্তব্য কৰে সাক্ষাৎকাৰত।

ইফালে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটৰ এই মন্তব্যৰ পিছতে কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাত পৰৱৰ্তী সময়ত তেওঁ ইয়াৰ স্পষ্টীকৰণ দিয়ে। তেওঁ কয়, 'মই গান্ধী পৰিয়ালক সন্মান কৰো। ইন্দিৰা গান্ধী, পণ্ডিত নেহৰু, ৰাজীৱ গান্ধীক মই সন্মান কৰি আহিছো। যেতিয়া কোনোৱে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে কয়, তেতিয়া মই ইন্দিৰা গান্ধীৰ পক্ষত থিয় হওঁ। সেয়ে মোৰ এই বক্তব্যৰ উদ্দেশ্য এই পৰিয়ালক অসন্মান কৰা নহয়। ৬০-৮০ৰ দশকত মহাৰাষ্ট্ৰৰ শাসন আৰু প্ৰশাসনৰ ওপৰত পৰোক্ষভাৱে কৰ্তৃত্ব সাব্যস্ত কৰাৰ সুযোগ যে কিছুমান কৰিম লালা, ডাউদ ইব্ৰাহিম আদিৰ দৰে আণ্ডাৰ ৱৰ্ল্ড ডনে বিভিন্ন ৰাজনৈতিক নেতাৰ সৈতে থকা সম্পৰ্কৰ বাবেই লাভ কৰিছিল, সেই কথাহে কৈছো। তাত কেৱল ইন্দিৰা গান্ধীয়ে নাছিল। সেই সময়ত বহু ৰাজনৈতিক নেতাই আণ্ডাৰ ৱৰ্ল্ড ডনৰ সৈতে সু সম্পৰ্ক ৰখাৰ খবৰ সাংবাদিক হিচাপে মই ৰাখিছিলো। এনে বহু সাক্ষাতৰ ফটো কৰিম লালাৰ ব্যক্তিগত কাৰ্যালয়ত থকা বুলিও মই জানো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in