শেহতীয়া খবৰ
দিল্লীত হ্ৰাস পাইছে কোৰোনাঃ কাৰ্ফিউ শিথিলতাৰ প্ৰস্তাৱত অনুমোদন...  •  অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ...  •  সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...

বলীউডৰ অভিনেতা সঞ্জয় দত্ত হ’ব অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ডে এম্বেচেদৰ…

ডিজিটেল সংবাদ, ইটানগৰ: অৰুণাচল প্ৰদেশৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু বাৰেৰহণীয়া জনজাতীয় পৰম্পৰাৰ বহুল প্ৰচাৰৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে বলীউডৰ জনপ্ৰিয় তাৰকাক সময়ে সময়ে ব্ৰেণ্ড এম্বেচেদৰ নিয়োগ কৰি আহিছে। জন আব্ৰাহাম, চলমান খানৰ পাছত এইবাৰ অৰুণাচল প্ৰদেশক বিশ্ববাসীৰ সন্মুখত তুলি ধৰিবলৈ সন্মত হৈছে বলীউডৰ তাৰকা অভিনেতা সঞ্জয় দত্ত। ১৯৭২ চনত পূৰ্বৰ নেফা নাম সলনি কৰি নেফাৰ নতুন নাম দিয়া হৈছিল অৰুণাচল প্ৰদেশ। ২০২২ চনত এই নতুন প্ৰদেশখনে আত্মপ্ৰকাশ কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হ’ব। অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী চ’নাৰ অধ্যক্ষতাত “অৰুণাচল প্ৰদেশৰ ৫০ বছৰ” নামেৰে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে।

সোমবাৰে অৰুণাচল প্ৰদেশৰ চি-য়মি জিলাৰ চীন সীমান্তৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত মেচুকাত এই কাৰ্যসূচীৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব। এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু বিধানসভাৰ অধ্যক্ষ পি ডি চ’নাৰ লগত উপস্থিত থাকিব বলীউডৰ অভিনেতা সঞ্জয় দত্ত। মেচুকালৈ যোৱাৰ পথত আজি বিশেষ বিমানযোগে অসমৰ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হয়হি সঞ্জয় দত্ত।

ডিব্ৰুগড় বিমানবন্দৰত অভিনেতা সঞ্জয় দত্তক ফুলাম গামোচাৰে আদৰণি জনায় মোহনবাৰীস্থিত অৰুণাচল প্ৰদেশৰ আবাসিক উপ-আয়ুক্ত ৰাণা বৰকটকী আৰু বিধানসভাৰ বিষয়াসকলে। তাৰ পৰা হেলিকপ্টাৰ যোগে মেচুকাত উৰা মাৰে অভিনেতাজন।‌ অহা বছৰৰ জানুৱাৰী মাহৰ ২০ তাৰিখে ল’ৱাৰ সোৱণশিৰি জিলাৰ জিৰো চহৰত মাহযোৰা অৰুণাচল প্ৰদেশৰ ৫০ বছৰ অনুষ্ঠানৰ শুভাৰম্ভ হ’ব আৰু অহা ২০ ফেব্ৰুৱাৰীত ইটানগৰত ৰাজ্য প্ৰতিস্থা দিৱসৰ দিনা এই উদযাপনৰ অন্ত পৰিব। উল্লেখ্য যে, ১৯৭২ চনত জিৰোত অৰুণাচল প্ৰদেশ গঠন হোৱা বুলি ঘোষণা কৰা হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি