মাক হ’বলৈ ওলোৱা ছানিয়া মিৰ্জাৰ ক্ৰিকেট ফ’বিয়া, বন্ধ কৰিলে ফেচবুক-টুইটাৰ!

মাক হ’বলৈ ওলোৱা ছানিয়া মিৰ্জাৰ ক্ৰিকেট ফ’বিয়া, বন্ধ কৰিলে ফেচবুক-টুইটাৰ!

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজৰ ক্ৰিকেট মেচ মানেই হাই ভল্টেজ। শেষৰটো বল পৰ্যন্ত টিভিৰ পৰ্দাৰ পৰা চকু আতৰ নকৰে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে। যি আমেজ আৰু শিহৰণ এই মেচত পোৱা যায় সেয়া আন দলৰ বিৰুদ্ধে পোৱাতো সম্ভৱ নহয়। সেয়ে, ভাৰত-পাকিস্তানৰ মাজৰ ক্ৰিকেট মেচ বুলিলেই অধীৰ আগ্ৰহেৰে ৰৈ থাকে ক্ৰিকেটপ্ৰেমীসকল।

পিছে ভাৰতৰ এইগৰাকী ক্ৰিকেট অনুৰাগীৰ কথা সুকীয়া। ক্ৰিকেট ভাল পালেও ভাৰত-পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হোৱাৰ কথা শুনিলেই শংকিত হৈ পৰে তেওঁ। শংকা ইমানেই বৃদ্ধি পাই যে খেলখনলৈ ২৪ ঘণ্টা থকাৰ পূৰ্বেই তেওঁ ফেচবুক, টুইটাৰ সকলো সাময়িকভাৱে ডিএক্টিভেট কৰি অকলশৰীয়া হৈ থাকিবলৈ মন কৰে।

ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচলৈ ভয় কৰা এই অনুৰাগীগৰাকী আন কোনো নহয়, তেওঁ হৈছে দেশৰ টেনিছ তাৰকা ছানিয়া মিৰ্জা। ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ উৎপাতৰ বাবে এছিয়া কাপত আজি অনুষ্ঠিত হ'বলগীয়া মেচখনৰ পূৰ্বে শংকিত হৈ পৰিছে টেনিছ তাৰকাগৰাকী।

কিন্তু কিয়? কি এই ভয়? স্বামী পাকিস্তান ক্ৰিকেটাৰ হোৱা বাবেই কোনটো দলক সমৰ্থন কৰিব সেয়া ঠিৰাং কৰিব নোৱৰা বাবেই নেকি এই ভয়? ওহো সেয়া মুঠেই নহয়। ছোৱেইব মালিকৰ সৈতে বিয়াৰ পিছতেই তেওঁ স্পষ্ট কৰি দিছিল যে পাকিস্তানৰ বোৱাৰী হ'লেও জীৱনে-মৰণে তেওঁ ভাৰতীয়। ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচত ভাৰতকেই সমৰ্থন জনাই বুলিও তেওঁ দৃঢ়তাৰে মন্তব্য কৰিছিল।

তেন্তে কিহৰ ভয়? তেওঁৰ এই শংকাৰ কাৰণ হৈছে ছ'চিয়েল মিডিয়া। দুই চিৰবৈৰী দলৰ খেল আহিলেই একাংশ উদণ্ড নেটিজেনে ট্ৰলৰ লক্ষ্য কৰি লয় ছানিয়াক। হাজাৰ হাজাৰ মেছেজ-কমেণ্টেৰে ভৰি পৰে তেওঁৰ ফেচবুক আৰু টুইটাৰ একাউণ্ট। সকলোৰে সেই একেটা প্ৰশ্ন, একেটা মন্তব্য ছানিয়াই কাক সমৰ্থন কৰিব স্বামীৰ দেশক নে ভাৰতক। সিমানেই নহয় দেশদ্ৰোহীকে আদি কৰি একাধিক অপবাদ জাপি দিয়ে এইসকল উদণ্ড নেটিজেনে।

এনে প্ৰশ্ন আৰু মন্তব্যত স্বাভাৱিকতে বিব্ৰত হৈ পৰিছে মাক হ'বলৈ ওলোৱা ছানিয়া। উদণ্ড নেটিজেনৰ ট্ৰলত অতিষ্ঠ হৈ ছানিয়াই জোকৰ মুখত চূণ দিয়াৰ দৰেকৈ কৰা এটি টুইটে সকলোকে ভবাই তুলিছে।

টুইটটোত তেওঁ লিখিছে, 'ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হ'বলৈ আৰু ২৪ ঘণ্টাহে বাকী আছে। গতিকে কিছুদিনৰ বাবে ছ'চিয়েল মিডিয়াৰ পৰা ছাইন আউট হৈ থকাটোৱেই ভাল হ'ব। নহ'লে একাংশ অভব্য যি পাই তাকে কৈ থকা কাম-বন নাইকিয়া লোকৰ উৎপাতত ভাল মানুহৰো বেমাৰ হৈ যাব। এগৰাকী মাক হ'বলৈ ওলোৱা মহিলাক অন্তত শান্তিত অকলে থাকিবলৈ দিয়ক। যি নহওক, এয়া কেৱল এখন ক্ৰিকেট মেচহে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in