চিনেমাত অভিনয়ৰ বাবে ছানিয়া মিৰ্জাক প্ৰস্তাৱ

চিনেমাত অভিনয়ৰ বাবে ছানিয়া মিৰ্জাক প্ৰস্তাৱ

ডিজিটেল ডেস্কঃ বহুদিন ধৰি ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ জীৱনভিত্তিক ছবি নিৰ্মাণ কৰাৰ কথা চলি আছিল যদিও শেহতীয়াকৈ এই ছবি নিৰ্মাণৰ ক্ষেত্ৰত প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে।

সন্তান সম্ভৱা টেনিছ তাৰকা গৰাকীৰ ছবিখনত খেলৰ পৰিৱৰ্তে অধিক গুৰুত্ব দিয়া হ'ব তেওক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিৰ্তকবোৰক। টেনিছ ক'ৰ্টত মিনি স্কাৰ্ট পিন্ধা আৰু পাকিস্তানী ক্ৰিকেটাৰৰ সৈতে হোৱা বিবাহক লৈ বিৰ্তকৰ আৱৰ্তত সোমাই পৰিছিল টেনিছ তাৰকাগৰাকী।

চিত্ৰ নিৰ্মাতা ৰাণী স্কুৱালাই ছবিখনক লৈ প্ৰাৰম্ভিক চিন্তা-চৰ্চা কৰিছে যদিও মুখ্য চৰিত্ৰটি কোনে ৰূপায়ণ কৰিব সেই সম্পৰ্কে সিদ্ধান্ত লোৱা নাই। ছানিয়াৰ চৰিত্ৰটি ৰূপায়ণৰ বাবে তেওঁৰ বান্ধৱী পৰীণিতি চোপ্ৰাৰ নাম উল্লেখ কৰিছে যদিও ছবি নিৰ্মাতাই ছানিয়াকে তেওঁৰ চৰিত্ৰ ৰূপায়ণৰ বাবে অনুৰোধ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰে তেওঁৰ জীৱনভিত্তিক ছবিখনত নিজে অভিনয় কৰিছিল। অৱশ্যে অভিনয়ৰ সম্পৰ্কত এই পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা নাই ছানিয়াই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in