টাটাই আয়োজন কৰা ‘সংবাদ-এ ট্ৰাইবেল কনক্লেভ-২০২১’ উৎসৱলৈ চাৰি ৰাভা যুৱশিল্পীক আমন্ত্ৰণ…

টাটাই আয়োজন কৰা ‘সংবাদ-এ ট্ৰাইবেল কনক্লেভ-২০২১’ উৎসৱলৈ চাৰি ৰাভা যুৱশিল্পীক আমন্ত্ৰণ…

ডিজিটেল সংবাদ বকো: দেশৰ বিখ্যাত কোম্পানী 'টাটাই আয়োজন কৰিছে 'সংবাদ – এ ট্ৰাইবেল কনক্লেভ – ২০২১' শীৰ্ষক উৎসৱ । অহা ১৯ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ ঝাৰখণ্ডত অনুষ্ঠিত হ'ব লগা এই উৎসৱত যোগদান কৰাৰ বাবে আমন্ত্ৰণ লাভ কৰিছে অসমৰ চাৰিগৰাকী ৰাভা যুৱ শিল্পী।

তেওঁলোক হ'ল ক্ৰমে – কামৰূপ জিলাৰ বকোৰ সঞ্জয় ৰাভা, জীতেন্দ্ৰ ৰাভা, গোৱালপাৰা জিলাৰ কৃষ্ণাই দায়ৰঙৰ দেৱৰাজ ৰাভা আৰু বাসৱী ৰাভা । উৎসৱত সঞ্জয় ৰাভাই ৰাভাসকলৰ লোকবাদ্য বাদুংদ্যুপ্পা , জীতেন্দ্ৰ ৰাভাই খাম, দেৱৰাজ ৰাভাই বাঁহী আৰু বাসৱী ৰাভাই গমনেৰ উপৰিও লোকসঙ্গীত পৰিৱেশন কৰিব ।

দলটোৱে বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২.২০বজাত গুৱাহাটীৰ পৰা শৰাইঘাট এক্সপ্ৰেছ ৰে'ল যোগে ঝাৰখণ্ডলৈ যাত্ৰা আৰম্ভ কৰিছে ।উল্লেখযোগ্য যে টাটা ট্ৰাষ্টে আয়োজন কৰা 'সংবাদ – এ ট্ৰাইবেল কনক্লেভ ' শীৰ্ষক উৎসৱত অসমৰ এই দলটোৱে ২০১৬ ইংবৰ্ষৰ পৰা আমন্ত্ৰণ লাভ কৰি আহিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in