মাজুলীৰ সন্দীপৰ কিদৰে মৃত্যু হ’ল মেঘালয়ত ! মাজুলী পালেহি মৃতদেহ, সৃষ্টি হৈছে শোকাকুল পৰিবেশ…

মাজুলীৰ সন্দীপৰ কিদৰে মৃত্যু হ’ল মেঘালয়ত ! মাজুলী পালেহি মৃতদেহ, সৃষ্টি হৈছে শোকাকুল পৰিবেশ…

ডিজিটেল সংবাদ মাজুলীঃ মাজুলী গড়মূৰ গোপালপুৰৰ যুৱক সন্দীপ ভূঞাৰ মৃত দেহ পালেহি মাজুলী। ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ। এই হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰিছে অঞ্চলবাসীৰ লগতে পৰিয়ালৰ লোকসকলে। ঘটনাৰ উচিত তদন্ত বিচাৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে পৰিয়ালৰ লোকে।

উল্লেখ্য যে, মাজুলীৰ গোপালপুৰৰ যুৱক সন্দীপ ভূঞা কেইবাদিনো ধৰি নিৰুদ্দেশ হৈ আছিল। ইয়াৰ পিছত বুধবাৰে মেঘালয়ৰ নাংপ'ত সন্দীপৰ মৃতদেহ উদ্ধাৰ হয়। মেঘালয়ৰ আৰক্ষীয়ে সন্দীপৰ মৃতদেহ উদ্ধাৰ কৰি বুধবাৰেই অসম আৰক্ষীক চমজাই দিছিল। সন্দীপ ভূঞা কৰ্ম সূত্ৰে গুৱাহাটীৰ বাজাজ ফাইনেন্স ডেপুটী মেনেজাৰ আছিল ।

মন কৰিবলগীয়া যে, মেঘালয়ত উদ্ধাৰ হোৱা সন্দীপৰ মৃতদেহৰ ডিঙিত আঘাতৰ চিন স্পষ্ট। যাৰ বাবে সন্দীপক বৰ্বৰ ভাবে হত্যা কৰিলে বুলি সন্দেহ প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে পুৱা মাজুলীৰ গোপাল পুৰৰ ঘৰত আহি পাই সন্দীপৰ মৃতদেহ।পৰিয়ালৰ লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ।পুত্ৰৰ নিথৰ দেহ লৈ শোকত ভাগি পৰিছে পিতৃ। পৰিয়ালৰ লোকে এই ঘটনাক এটা হত্যা কাণ্ড বুলি সন্দেহ কৰিছে আৰু ঘটনাৰ উচিৎ তদন্ত কৰি দোষীক শাস্তি দিবৰ বাবে পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি ভাস্কৰ জ্যোতি মহন্তক আনুৰোধ জনাইছে। আৰক্ষীয়েও ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ঘটনা সংক্ৰান্তত বুধবাৰে নিশা এগৰাকী যুৱতীক আটক কৰিছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in