প্ৰকৃতি সুৰক্ষা কৰ্মী ৰোহিত চৌধুৰীলৈ এছএনএফৰ ৱাইল্ডলাইফ ছাৰ্ভিছ এৱাৰ্ড

প্ৰকৃতি সুৰক্ষা কৰ্মী ৰোহিত চৌধুৰীলৈ এছএনএফৰ ৱাইল্ডলাইফ ছাৰ্ভিছ এৱাৰ্ড

ডিজিটেল সংবাদ, গুৱাহাটীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ আন বনাঞ্চল তথা বন্যপ্ৰাণীৰ সুৰক্ষাৰ হকে সক্ৰিয়ভাৱে কাম কৰি অহা প্ৰকৃতি সুৰক্ষা কৰ্মী ৰোহিত চৌধুৰীলৈ 'ছেনচুৱেৰী নেচাৰ ফাউণ্ডেশ্যনে' আগবঢ়াইছে বন্যপ্ৰাণী সেৱা সন্মান (ৱাইল্ডলাইফ ছাৰ্ভিছ এৱাৰ্ড)। দেশৰ কেবাজনো বিশিষ্ট প্ৰকৃতিপ্ৰেমীৰ সৈতে অসমৰ এইগৰাকী প্ৰতৃতিপ্ৰেমীক অহা ৭ ডিচেম্বৰত মুম্বাইত আনুষ্ঠানিকভাৱে উক্ত সন্মান প্ৰদান কৰিব দেশৰ আগশাৰীৰ সংস্থাটোৱে।

উল্লেখ্য যে, ২০০০ চনৰে পৰা এই সংস্থাটোৱে দেশৰ ভিন্ন প্ৰান্তত প্ৰকৃতি তথা বন্যপ্ৰাণী সুৰক্ষাৰ হকে কাম কৰি অহা প্ৰকৃতিপ্ৰেমীসকলক উৎসাহিত কৰাৰ উদ্দ্যেশ্য আগত ৰাখি প্ৰদান কৰি আহিছে 'ছেনচুৱেৰী ৱাইল্ডলাইফ এৱাৰ্ড'। মুম্বাইৰ নেশ্যনেল চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টছ চমুকৈ এনচিপিএৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া ১৯ সংখ্যক 'ছেনচুৱেৰী ৱাইল্ডলাইফ এৱাৰ্ড' প্ৰদান অনুষ্ঠানত ৪টা শিতানত মুঠ ৮গৰাকী প্ৰকৃতি তথা বন্যপ্ৰাণী সুৰক্ষা কৰ্মীক সন্মানিত কৰা হ'ব।

সংস্থাটোৱে আগবঢ়োৱা জীৱনযোৰা সাধান বঁটাৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে কৃষি আৰু পৰিৱেশৰ ক্ষেত্ৰখনত কাম কৰি অহা বন্দনা শিৱা। আনহাতে অসমৰ ৰোহিত চৌধুৰীৰ লগতে ৱাইল্ডলাইফ ছাৰ্ভিছ এৱাৰ্ড লাভ কৰিছে ইমৰাণ ছিদ্দিকি, ইহো মিটাপো, গোৱৰ্ধন মীনা আৰু পূজা মিত্ৰাই। ইয়ং নেচাৰেলিষ্ট এৱাৰ্ড লাভ কৰিছে মৈত্ৰেয়া সুকুমাৰ আৰু গ্ৰীণ টিচাৰ এৱাৰ্ড প্ৰদান কৰা হৈছে নিকিতা পিম্পললৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in