‘উত্তৰ পূবৰ গণ প্ৰতিবাদ নেওচি এটা বন্ধ কোঠাত কেইজন মান সদস্যই লোৱা বলপূৰ্বক সিদ্ধান্ত আমি নামানো’

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিবাদক নেওচি অৱশেষত ৰাজ্যসভাতো চৰকাৰে গৃহীত কৰিবলৈ সক্ষম হ'ল বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন। জাতি, মাটি আৰু ভেটিৰ স্বাৰ্থত ৰাজপথলৈ ওলাই অহা হাজাৰ হাজাৰ খিলঞ্জীয়াৰ প্ৰতিবাদী কণ্ঠক ভেঙুচালি কৰি গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰাৰ দৰেই ৰাজ্যসভাত গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক।

বুধবাৰে ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছু আৰু নেছ'ৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি নেতাগৰাকীয়ে খিলঞ্জীয়াৰ স্বাৰ্থক উপলুঙা কৰি চৰকাৰে কেব গৃহীত কৰা কাৰ্যক গৰিহণা দিয়ে। ভট্টাচাৰ্যই কয়, 'কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৭ ৰাজ্যত কেবৰ বিৰুদ্ধে চলা প্ৰতিবাদক উপেক্ষা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অগপ দলে মিলি আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক বিশ্বাসঘাতকতা কৰিছে।'

আনহাতে এটা বন্ধ কোঠাত ১২৫ টা আৰু ১০৫ টা ভোটেৰে অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পৰা নাযায় বুলি মন্তব্য কৰি সমুজ্জ্বল ভট্টাচাৰ্যই কয়, 'ৰাজ্যসভাত ১২৫টা আৰু ১০৫টা ভোটেৰে সিদ্ধান্ত লৈ যি আইন চৰকাৰে জাপি দিব বিচাৰিছে, সেয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীয়ে কোনোপধ্যেই মানি নলয়। ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিছে আৰু কৰি যাব।'

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহস্পতিবাৰে লতাশিল খেলপথাৰত শিল্পী সমাজে আহ্বান কৰা প্ৰতিবাদী সমাবেশ বাঞ্চাল কৰিবলৈ চৰকাৰে সান্ধ্য আইন জাৰি কৰা বুলি দাবী কৰে আছুৰ উপদেষ্টাগৰাকীয়ে। কিন্তু কেবৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ দি তেওঁ কয়, 'লতাশিলত শিল্পী সমাজৰ প্ৰতিবাদী সমাবেশ স্তব্ধ কৰাৰ বাবে ষড়যন্ত্ৰ ৰচিছে চৰকাৰ তথা প্ৰশাসনে। সেইবাবেই আজি জাৰি কৰিছে সান্ধ্য আইন। কিন্তু এই প্ৰতিবাদী সমাবেশ অনুষ্ঠিত কৰাক লৈ আমি শিল্পী সমাজৰ সৈতে আলোচনা কৰিছো। বৃহস্পতিবাৰে দিনৰ ১১ বজাত লতাশিতত কেব বিৰোধী প্ৰতিবাদী সমাবেশ অনুষ্ঠিত হ'বই।' সমুজ্জ্বল ভট্টাচাৰ্যই কেব বিৰোধী এই সমাবেশত সকলোকে ভাগ ল'বলৈ আহ্বান জনাই কয়, 'কেৱল এই সমাবেশেই নহয়, চৰকাৰে জোৰ কৰি জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰ পূববাসীয়ে প্ৰতিবাদ কৰি যাব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in