পুৰণিগুদামত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু

পুৰণিগুদামত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু

ডিজিটেল সংবাদ, চামগুৰিঃ ৰাজ্যত এতিয়া ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। ইয়াৰ সমান্তৰালভাৱে নগাঁৱৰ পুৰণিগুদামতো এগৰাকী মহিলাৰ জাপানীছ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। বিগত কিছুদিন ধৰি পুৰণিগুদাম হাতীগাঁৱৰ ননী দেৱী(৬২) নামৰ মহিলাগৰাকী বিভিন্ন ৰোগত আক্ৰান্ত হৈ প্ৰথমে গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

শেহতীয়াকৈ চিকিৎসকে মহিলাগৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল বুলি জানিবলৈ দিছিল। পাছত মহিলাগৰাকীয়ে দিছপুৰ হাস্পতালৰ লগতে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰ সৈতে বহু দিন ধৰি যুঁজি অৱশেষত মৃত্যুক সাবটি লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in