চামগুৰিত পুনৰ বন্যহস্তীৰ তাণ্ডৱ, ভাঙিলে দুটাকৈ বাসগৃহসহ এটা ভৰাঁল, কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ

চামগুৰিত পুনৰ বন্যহস্তীৰ তাণ্ডৱ, ভাঙিলে দুটাকৈ বাসগৃহসহ এটা ভৰাঁল, কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন স্থানত নিশা হলেই শুনিবলৈ পোৱা যায় গুলীৰ শব্দ। হাতী খেদাৰ বাবে বন বিভাগৰ লোকে বিভিন্ন স্থানত হাতী খেদিবৰ বাবে চলায় অভিযান। চামগুৰিত প্ৰতিদিনে উপদ্ৰব চলাই আহিছে বনৰীয়া হাতীয়ে। ঘৰ-দুৱাৰ ভঙাৰ উপৰিও খাই অনিষ্ট কৰিছে খেতি পথাৰ। কিন্তু বাৰে বাৰে অভিযান চলাইয়ো ব্যৰ্থ হৈছে বন বিভাগ। খেদিব পৰা নাই চামগুৰিৰ বিভিন্ন জনাঞ্চলত সোমাই পৰা বন্যহস্তীকেইটা।

বুধবাৰে পুৱতি নিশা চামগুৰিৰ গেন্ধালিত বন্যহস্তীয়ে চলালে পুনৰ চূড়ান্ত উপদ্ৰৱ। গেন্ধালিৰ বেবেজীয়া আৰু আদৰ্শ গাঁৱত এটা ভঁৰালসহ দুটাকৈ বাসগৃহ লণ্ডভণ্ড কৰিলে বন্যহস্তীৰ এটা জাকে। চামগুৰি গেন্ধালী বেবেজীয়া গাঁও আৰু আৰ্দশগাঁৱৰ নৰেন বৰা, লক্ষী বৰা আৰু দুৰ্লভ গগৈ নামৰ লোককেইজনৰ ঘৰত উপদ্ৰৱ চলাই বন্যহস্তীৰ জাকটোৱে দুটাকৈ বাসগৃহৰ লগতে ভাঙি তহিলং কৰে এটা ভৰাঁলো।

আনহাতে গেন্ধালী আৰ্দশগাৱঁৰ লক্ষী বৰাৰ পৰিয়ালটো শোৱাপাটিত থকাৰ সময়তে বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাত কথমপি ৰক্ষা পৰে পৰিয়ালটো।উল্লেখ্য যে, মঙলবাৰৰ বিয়লিৰ পৰা নিশা পৰ্য্যন্ত বন বিভাগে কাৰ্বি পাহাৰলৈ হাতী খেদা অভিযান চলাইছিল যদিও বনবিভাগৰ দলটোৱে হাতী কেইটা খেদি পঠোৱাত ব্যৰ্থ হয়। দুটামান ফটকা ফুটাই নিজৰ দায়িত্ব সামৰা বন বিভাগে হাতী কেইটা খেদিব নোৱাৰা বাবেই বুধবাৰে পুৱতি নিশা পুনৰ চাৰি জনীয়া বন্যহস্তীৰ জাকটো উভতি আহি অঞ্চলটোত উপদ্ৰৱ চলায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in