শেহতীয়া খবৰ
গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ...  •  উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ হত্যা গোচৰ, শনিবাৰে আদালতে প্ৰদান কৰিব ৰায়...  •  কেনে আছে জুবিন? নেমকেয়াৰলৈ গৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে...  •  অশান্ত দিল্লীৰ ভিডিঅ’ হোৱাটছএপত কাৰোবালৈ প্ৰেৰণ কৰিছিল নেকি? ব্যৱস্থা ল’ব আৰক্ষীয়ে...  •  কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী প্ৰচেষ্টা...  •  পাকিস্তানী সেনাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ আখ্যা দি কোনে আঁৰিলে পোষ্টাৰ…  •  ‘জুবিন গাৰ্গ মৰিলেও ভাল’ বুলি কৈ ৰোষত পৰিল নীৰৱ হাজৰিকা, মাতৃয়ে বিচাৰিলে ক্ষমা  •  শনিবাৰে স্বাক্ষৰিত হ’ব আমেৰিকা-তালিবানৰ মাজৰ শান্তি চুক্তি, ভাৰত হ’ব সাক্ষী  •  পুৱাই ভূমিকম্পৰ জোকাৰণি...  •  জনসভাৰ মঞ্চত শাৰী পাতি মন্ত্ৰীয়ে চোবালে চিকেন লেগ পিছ, কিয়…

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

54

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিত বৰ্তমান সময়ত প্ৰতিদিনে হাতী-মানুহৰ সংঘাত দেখিবলৈ পোৱা গৈছে। চামগুৰিত ক্ৰমাৎ তীব্ৰতৰ হৈছে হাতী-মানুহৰ সংঘাত। বন্যহস্তীয়ে ঢাহি-মুহি নিছে এফালৰ পৰা সকলো। বন্যহস্তীৰ অত্যাধিক উপদ্ৰৱৰ প্ৰতি লক্ষ্য ৰাখি চামগুৰিত পুনৰ চলিল বন বিভাগৰ দ্বিতীয়টো ব্যাপক হাতী খেদা অভিযান।

বিগত দুই সপ্তাহ ধৰি চামগুৰিৰ বিভিন্ন স্থানত উপদ্ৰৱ চলাই থকা চাৰিজনীয়া বন্যহস্তীৰ জাকটো বুধবাৰেও তিনি মান বজাৰ পৰা বন বিভাগে মাজনিশা পৰ্য্যন্ত কুৰুৱাবাহীৰ পৰা আৰম্ভ কৰি, হাঁহচৰা বৰালী গাঁও, গেন্ধালি, ভৰাগুৰি হৈ কাৰ্বি পাহাৰৰ দিশে খেদি পঠিওৱাৰ চেষ্টা কৰা দেখা যায়।

নগাঁও জিলাৰ শালনা ৰেঞ্জ আৰু সদৰ ৰেঞ্জে যুটীয়াভাৱে চলোৱা এই দ্বিতীয়টো অভিযানত নিয়োজিত প্ৰায় বিশজন বন বিষয়া-কৰ্মীয়ে গুলী আৰু ফটকা ফুটাই খোজকাঢ়ি হাতীৰ জাকটো যথেষ্ট চেষ্টাৰ অন্তত বহু দুৰ খেদি পঠিয়াবলৈ সক্ষম হয় যদিও জাকটো পুনৰ উভতি অহাৰ আশংকা কৰিছে স্থানীয় ৰাইজে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি