কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হোৱাৰ চেষ্টা চলাইছে পুৰণিগুদামৰ ৰাজদ্বীপ আৰু চয়নিকাই…

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হোৱাৰ চেষ্টা চলাইছে পুৰণিগুদামৰ ৰাজদ্বীপ আৰু চয়নিকাই…

ডিজিটেল সংবাদ,চামগুৰিঃ কাঠফুলাৰ খেতিৰে স্বাৱলম্বীতাৰ নিৰ্দশন দাঙি ধৰিছে এহাল ভাতৃ-ভগ্নীয়ে ।নগাঁৱৰ পুৰণিগুদামৰ দেউৰীগাৱঁৰ এই দুজন ভাতৃ-ভগ্নী এতিয়া সকলোৰে বাবে হৈ পৰিছে আৰ্দশ ।যি সময়ত একাংশ যুৱক-যুৱতী কৰ্মসংস্থাপনৰ বাবে ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলিছে সেই সময়তে এই শিক্ষিত যুৱক-যুৱতী দ্বয়ে আৰম্ভ কৰিছে এই কাঠ ফুলাৰ খেতি ।

অকল নিজেই স্বাৱলম্বী হোৱায়ে নহয় বৈজ্ঞানিক পদ্ধতিৰে কাঠফুলাৰ খেতি কৰি পুৰণিগুদাম দেউৰীগাৱঁৰ ৰাজদ্বীপ শইকীয়া আৰু চয়নিকা গায়নে নিজৰ পৰিয়ালো পোহ-পাল দিছে ।এটা বিশেষ ঘৰত আৰম্ভ কৰা এই খেতিৰে এতিয়া নিজকে স্বাৱলম্বী কৰি সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এই দুজন ভাতৃ-ভগ্নী ।

উল্লেখ্য যে যুৱক-যুৱতীদ্বয়ৰ এই কাৰ্যত তেওঁলোকক বিশেষভাৱে সহায়ৰ হাত আগবঢ়াইছে তেওঁলোকৰ পৰিয়ালৰ আন সকল সদস্যও। তেওঁলোকৰ এই সফলতা দেখি এতিয়া উৎফুল্লিত তেওঁলোকৰ পৰিয়ালৰ লগতে ওচৰ-চুবুৰীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in