চামগুৰিত ট্ৰাক আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ সংঘৰ্ষ, থিতাতে নিহত শিশুসহ ২, আহত ১৫ৰো অধিক

চামগুৰিত ট্ৰাক আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ সংঘৰ্ষ, থিতাতে নিহত শিশুসহ ২, আহত ১৫ৰো অধিক

ডিজিটেল সংবাদ, চামগুৰিঃ চামগুৰিৰ গটঙাত দেওবাৰে সংঘটিত হ'ল এক শোকাবহ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত সংঘৰ্ষৰ ফলত থিতাতে নিহত হ'ল দুজন, আহত পোন্ধৰজনৰো অধিক।

নগাঁৱৰ পৰা তেজপুৰলৈ ট্ৰেভেলাৰখন গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পোৱা গৈছে। নিহত ট্ৰেভেলাৰখনৰ চালকজন চামগুৰিৰ শিঙীয়াৰ সুৰেণ মজুমদাৰ। থিতাতে নিহত শিশুটিৰ নাম মুজ্জামিল বুলি চিনাক্ত কৰিছে আত্মীয়ই।

ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থা আৰু টি কে কোম্পানীৰ লেহেমীয়া গতিৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। উল্লেখ্যে যে, দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখন আছিল চোৰাং আগৰ ভৰ্ত্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in