চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ…

চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি থানাৰ আৰক্ষীয়ে অভিযান চলাই বুধবাৰে নিশা এটা গভাইত বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰটো হৈছে চামগুৰি থানাৰ অন্তৰ্গত বৰমা বজাৰৰ ওচমান আলী(৩০) ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, কিছু দিনৰ পূৰ্বে শোণিতপুৰ জিলাৰ ঠেলামৰা ৰ পৰা এখন আপাছী বাইক চুৰি হৈছিল। কালি চামগুৰি থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৰমা বজাৰৰ পৰা ওচমানক চুৰি বাইকখনৰ সৈতে নিশা প্ৰায় ২ বজাত কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে ঠেলামৰা আৰক্ষীয়ে ৫৭/১৯ নং গোচৰৰ ভিত্তিত ধৃত চোৰ ওচমানক অধিক সোধ-পোছৰ বাবে চামগুৰি আৰক্ষীৰ হাতৰ পৰা চমজি লয়। চামগুৰি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ওচমান পূৰ্বৰ পৰাই বাইক চুৰি ঘটনাৰ লগত জড়িত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in