নগাঁৱৰ পুৰণিগুদামত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ ৪৮ঘন্টাৰ পাছতেই চপৰা চপৰে খহিল নিৰ্মীয়মাণ অংশ

নগাঁৱৰ পুৰণিগুদামত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ ৪৮ঘন্টাৰ পাছতেই চপৰা চপৰে খহিল নিৰ্মীয়মাণ অংশ

ডিজিটেল সংবাদ, চামগুৰিঃ যাতায়তৰ নামত নগাঁৱৰ পুৰণিগুদামত দেখিবলৈ পোৱা গৈছে এখন ভয়াৱহ ছবি। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ ৪৮ ঘণ্টা নৌহওতেই নগাঁৱৰ পুৰণিগুদামত চপৰা-চপৰে খহিলে শিলগুটি-আলকতৰা মিশ্ৰণৰে মেৰামতি কৰা ডাঠ প্ৰলেপ। পুৰণিগুদাম কেঞাপট্টীৰ সুদীৰ্ঘ ৰাজপথ চোৱা মেৰামতি কৰাৰ পিছত এতিয়া ৰাজপথছোৱাত হোৱা চৰম দুৰৱস্থাক কেন্দ্ৰ কৰি ৰাজ্যৰ সংশ্লিষ্ট গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে এতিয়া চুড়ান্ত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

মেৰামতিৰ কেইমুহুৰ্ত্তমানৰ পিছতেই ৰাজপথ চোৱাত সৃষ্টি হৈছে দীঘলীয়া নলাৰ, চিৰাল ফাট দিছে পথৰ বৃহৎ অংশ। উল্লেখযোগ্য যে, শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা শনিবাৰে দুপৰীয়া পৰ্য্যন্ত প্ৰায় চাৰি পাঁচতাকৈ সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত প্ৰায় ৫-৬জন লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া হোৱাৰ লগতে শুকুৰবাৰে নিশা এজন অচিনাক্ত বাইক আৰোহীক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে নিশাটো বাদেই এতিয়া দিনতেই কোনো অনাকাংক্ষিত বিপদত পৰাৰ শংকাত ৰাজপথটোৰে পাৰ হবলৈ শংকিত হৈ পৰিছে পথচাৰী সকল। বিভাগৰ সংশ্লিষ্ট ঠিকাদাৰে ধন আত্মসাৎ কৰি নগাঁৱৰ উৰিয়া গাঁৱৰ পৰা চামগুৰি পৰ্য্যন্ত সুদীৰ্ঘ ৰাজপথ চোৱা মেৰামতিৰ ক্ষেত্ৰত চূড়ান্ত বিসংগতিমূলক ভাবে কাম কৰি হাত সাৰিব বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশই। কদৰ্যময় ৰাজপথ চোৱা শীঘ্ৰে পুনঃমেৰামতি কৰি পথ চোৱাৰে নিতৌ পাৰ হৈ থকা হাজাৰ হাজাৰ যাত্ৰীৰ লগতে সমগ্ৰ অঞ্চলবাসীক সকাহ দিবৰ বাবে চৰকাৰ, সংশ্লিষ্ট বিভাগ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে পুৰণিগুদামৰ স্থানীয় ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in