পুৰণিগুদামৰ কাঠৰ দুৰ্গা প্ৰতিমাৰে খ্যাত পূজাস্থলীত পৰিস্কাৰ সজাগতা অভিযান, বিতৰণৰ কৰিলে চাৰি শতাধিক গছৰ পুলি…

পুৰণিগুদামৰ কাঠৰ দুৰ্গা প্ৰতিমাৰে খ্যাত পূজাস্থলীত পৰিস্কাৰ সজাগতা অভিযান,  বিতৰণৰ কৰিলে চাৰি শতাধিক গছৰ পুলি…

ডিজিটেল সংবাদ,চামগুৰিঃ শাৰদীয় দুৰ্গাপূজাৰ পাৰ ভঙা আনন্দ-উল্লাসৰ মাজতেই নিজৰ ঠাইখনৰ সুনাম অক্ষুন্ন ৰখাৰ বাবে লগতে প্ৰসিদ্ধ ঠাইখনক পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ কেৱল দিনতে নহয় দূৰ্গোৎসৱৰ প্ৰত্যেক দিনাই দুভাগ নিশা পৰ্য্যন্ত শ্ৰম কৰিলে নগাঁও জিলাৰ পুৰণিগুদামৰ কেইজনমান যুৱকে।

ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ ১১৯ বছৰ গৰকা কাঠৰ দুৰ্গা প্ৰতিমা খ্যাত ঐতিহাসিক পূজাস্থলীক পৰিস্কাৰ কৰি ৰখাৰ প্ৰয়াস কৰা দেখা গৈছে দুটা বিশেষ পদক্ষেপৰ জৰিয়তে। পূজাস্থলীখন দৰ্শনৰ বাবে অহা ভক্তপ্ৰাণ দৰ্শনাৰ্থী সকলৰ লগতে আশে-পাশে থকা ব্যৱসায়ীসকলে পেলনীয়া প্লাষ্টিক তথা আৱৰ্জনা সমূহ য'তে-ত'তে পেলাই পৰিৱেশ অপৰিষ্কাৰ তথা অস্বাস্থ্যকৰ নকৰি সেইসমূহ পেলাবৰ বাবে ৰাজপথৰ দাঁতিত প্ৰায় অৰ্ধ-শতাধিক বাঁহৰ টুকুৰি সংস্থাপন কৰে "কলঙ্গীয়ান ৰাইডাৰ্চ", "ম'বাইল প্লেনেট" আৰু "কৃষ্ণা এণ্ড কো: চচিয়েল" নামৰ সংস্থা কেইটাৰ যুৱকসকলে।

গাঁঠিৰ ধন ভাঙি চাপানালাৰ পৰা অনা বাঁহৰ টুকুৰিসমূহ সকলোৰে চকু পৰাকৈ ৰং-তুলিকাৰে আকৰ্ষণীয় ৰূপত সজাই-পৰাই পূজাস্থলীত সংস্থাপন কৰাই নহয় প্ৰতি পুৱাই ইয়াৰ আৱৰ্জনাবোৰ যুৱকসকলে আন স্থানলৈ লৈ গৈ বিনষ্ট কৰাৰো উদ্যোগ হাতত লয়৷

উল্লেখ্য যে, নগাঁৱৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ আৰ্হিৰে দ্বিতীয়টো বছৰৰ বাবে পুৰণিগুদামৰ পূজাস্থলীখন পৰিস্কাৰ কৰি ৰখা বাবে হাতত লোৱা এই পৰিস্কাৰ সজাগতাৰ পদক্ষেপক প্ৰশংসাৰে আদৰি লৈছে সকলোৱে। আনহাতে "কলঙ্গীয়ান ৰাইডাৰ্চ", "ম'বাইল প্লেনেট" আৰু কৃষ্ণা এণ্ড কো: চচিয়েল"ৰ যুৱকসকলে এইবাৰ হাতত ল'লে আন এক সুকীয়া পদক্ষেপ। দূৰ্গোৎসৱ উদযাপনৰ প্ৰতিটো দিনত সন্ধ্যাৰ ভাগত পূজা চাবলৈ আহি ঘূৰি যোৱা একাধিক ৰাইজৰ মাজত বিতৰণ কৰে বিভিন্ন প্ৰজাতিৰ প্ৰায় চাৰি শতাধিক গছৰ পুলি।

পূজা উপহাৰ হিচাপে ৰাইজৰ হাতত তুলি দিয়া গছৰ পুলিটোৰ বিনিময়ত প্ৰতিজনৰে পৰা গছ পুলিটো ৰোপণ কৰি থকা সময়ৰ এখকৈ চেল্ফী বিচাৰিলে যুৱকসকলে। যাতে পৰৱৰ্তী সময়ত এই চেল্ফীসমূহৰ জৰিয়তে পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত আন অঞ্চলৰ ৰাইজকো সজাগ কৰি তুলিব পৰা যায়।

লক্ষণীয়ভাবে পুৰণিগুদাম ৰাইজেও যুৱক কেইজনৰ এই অভিনৱ পদক্ষেপক আদৰণি জনাই বিগত তিনি দিনত উদ্যোক্তা সকললৈ গছ পুলি ৰোপণৰ বহু সংখ্যক চেল্ফী প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, পুৰণিগুদামৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে-কাষে ষষ্ঠী দিনাৰ পৰা লগোৱা এই বাঁহৰ টুকুৰিবোৰ সংস্থাপনৰ লগতে চেল্ফীৰ জৰিয়তে গছ পুলি ৰোপণ প্ৰতি ৰাইজক সজাগ কৰাৰ ওপৰত চলা যুৱক সকলৰ নিঃস্বাৰ্থ প্ৰচেষ্টাৰ বিষয়ে এইবাৰ পূজালৈ অহা ভক্ত, দৰ্শনাৰ্থী, ব্যৱসায়ী তথা স্থানীয় ৰাইজৰ মাজত বহুলভাৱে চৰ্চা চলিছে নগাঁৱৰ পুৰণিগুদামত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in