চামগুৰিত লোমহৰ্ষক হত্যাকাণ্ড, ৪ বছৰীয়া শিশুক মৰিয়াই হত্যা…

চামগুৰিত লোমহৰ্ষক হত্যাকাণ্ড, ৪ বছৰীয়া শিশুক মৰিয়াই হত্যা…

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ কাৱৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত মাগুৰমাৰীত বৃহস্পতিবাৰে এটি চাৰিবছৰীয়া শিশুক লোমহৰ্ষক ভাৱে হত্যা কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে আজি মাগুৰমাৰী গাৱঁৰ হেদাতুল ইছলাম নামৰ লোকজনৰ চাৰি বছৰীয়া সন্তান ইফটিকাৰ হছেইনক সম্পৰ্কীয় চামচুদ্দিন নামৰ লোকজনে খঙৰ ভমকত শিশুটিক এখন কোৰে মূৰত আঘাত কৰে ৷

ফলত শিশুটো গুৰুত্বৰভাৱে আহত হয় ৷পৰৱৰ্তী সময়ত শিশুটিক পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে যদিও শিশুটিৰ মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত কাৱৈমাৰী আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে ৷আনহাতে আৰক্ষীয়ে হত্যাকাৰী চামচুদ্দিনক আটক কৰিছে আনহাতে শিশু হত্যাকাৰী চামচুদ্দিন মানসিক ভাৱে বিকাৰগ্ৰস্ত বুলি আৰক্ষী আৰু স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in