চামগুৰিৰ আমনিত গৰু-ম’হ ভৰ্তি ট্ৰাক জব্দ…

চামগুৰিৰ আমনিত গৰু-ম’হ ভৰ্তি ট্ৰাক জব্দ…

ডিজিটেল সংবাদ, চামগুৰিঃ দুৰ্নীতি-অপৰাধৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ শ্লোগান দিয়া বৰ্তমানৰ চৰকাৰ খনৰ দিনতো ৰাজ্যত অব্যাহত আছে গৰু-ম'হৰ চোৰাং সৰবৰাহ । নগাঁও জিলাৰ চামগুৰিৰ আমনিত দেওবাৰে নিশা জব্দ হয় তিনিখনকৈ গৰু-ম'হ ভৰ্তি ট্ৰাক।

উজনি অসমৰ দিশৰ পৰা নগাঁও অভিমুখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি আহি থকা অৱস্থাত গোপন সুত্ৰৰ খবৰ অনুসৰি চামগুৰি আৰক্ষীয়ে থানাৰ সন্মুখত বেৰিকেড লগাই নিশা বাহন কেইখন জব্দ কৰিবৰ বাবে চেষ্টা চলাইছিল।

আৰক্ষীৰ উক্ত অভিযানৰ বিষয়ে উমান পাই চামগুৰিৰ আমনিত AS-01LC-1816, AS-07AC-8059, AS-01LC-3346 নম্বৰৰ ট্ৰাক কেইখন এৰি চালক আৰু হেণ্ডিমেন কেইজনে পলায়ন কৰে। পাছত সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আমনিৰ  পৰা নিশায়ে গৰু-ম'হ ভৰ্তি ট্ৰাক কেইখন জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, তিনি খনকৈ ট্ৰাকত প্ৰায় অৰ্ধ-শতাধিক গৰু-ম'হ বৃহৎ অসাধু চক্ৰ এটাই অবৈধভাৱে কোনো অজ্ঞাত স্থানলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ প্ৰত্যক্ষদৰ্শীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in