ৰাষ্ট্ৰপতি ভৱনৰ পৰা পুৰণিগুদামৰ বৰ্ষীয়ান মুক্তি যোদ্ধালৈ সন্মান…

ৰাষ্ট্ৰপতি ভৱনৰ পৰা পুৰণিগুদামৰ বৰ্ষীয়ান মুক্তি যোদ্ধালৈ সন্মান…

ডিজিটেল সংবাদ,চামগুৰিঃ অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান হোৱাৰ লগতে অসমৰ এই বছেৰেকীয়া ভয়াৱহ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰই ঘোষণা কৰা উচিত। ইফালে অসমৰ নিবনুৱা সমস্যাই অভাৱনীয় ৰূপ ধাৰণ কৰিছে। বহু সংখ্যক যুৱক-যুৱতীয়ে বহিঃৰাজ্যত কৰ্ম সংস্থাপন লাভ কৰি পৰিয়াল পোহপাল দি আছিল যদিও ক'ভিড-১৯ মহামাৰীৰ ফলত সেইসকল পুনৰ নিজ ৰাজ্যলৈ ঘূৰি অহাত নিবনুৱা সমস্যাই অসমত আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই মন্তব্য অসমৰ বৰ্ষীয়ান মুক্তিযুদ্ধা নৰেন্দ্ৰ নাথ দাধৰাৰ।

দেওবাৰে পুৰণিগুদাম চলচলি বিৰহী গাঁৱৰ নিজা বাসভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনৰ পৰা পঠিওৱা মুক্তিযুদ্ধাৰ সন্মান আৰু ৰাজ্য চৰকাৰে তেখেতলৈ প্ৰেৰণ কৰা সন্মান লাভ কৰি চৰম অসন্তুষ্টি প্ৰকাশ কৰিলে মুক্তিযুদ্ধা গৰাকীয়ে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, কোনো এখন চৰকাৰে জাতিৰ হৈ কাম কৰিব পৰা নাই।

জাতি-মাটি-ভেঁটিৰ শ্ল'গান দি শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোনোৱাল চৰকাৰে বাংলাদেশী অনাৰ ব্যৱস্থাহে কৰিলে। কেৱল ভোটৰ ৰাজনীতিহে কৰিলে হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈৰ চৰকাৰ কেইখনেও। বৰ্তমান চৰকাৰে নিবনুৱা সংস্থাপনৰ বাবে উদ্যোগ স্থাপন কৰা দূৰৰে কথা জাগীৰোডত থকা পেপাৰ মিলটো বন্ধ হৈ গ'ল বুলিও তেওঁ মন্তব্য কৰে।

দেওবাৰে নিজা বাসভৱনত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া সমৰ কলিতাৰ উপস্থিতিত এই দুই সন্মান প্ৰদান কৰাৰ পিছতেই সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অসমৰ বৰ্তমান অৰ্থনৈতিক অৱস্থা আৰু আন সমস্যাসমূহ প্ৰসঙ্গত আৱেগিক হৈ পৰে মুক্তিযুদ্ধাগৰাকী। ৰাষ্ট্ৰপতি ভৱনৰ পৰা অংগবস্ত্ৰ, অসম চৰকাৰৰ ফালৰ পৰা গামোচা, চেলেং আদি প্ৰদান কৰে মুক্তিযুদ্ধা গৰাকীক। ১৯২৩ চনৰ ৭ নৱেম্বৰত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ নাথ দাধৰাই ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত জড়িত হৈ ১৯৪৩ চনৰ পৰা ১৯৪৫ চনলৈ আঢ়ৈ বছৰ কাৰাবাস খাটিব লগা হৈছিল।

নৱম শ্ৰণীত পঢ়ি থকা সময়ত কাৰাবাস খটাৰ পিছত কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীত নামভৰ্তি কৰিব বিছাৰিছিল যদিও সেইসময়ৰ অধ্যক্ষ গৰাকীয়ে কাৰাবাস খটাৰ ববে নামভৰ্তি কৰিবলৈ দিয়া নাছিল যদিও তেওঁৰ একাগ্ৰতা দেখি নামভৰ্তিৰ সুবিধা প্ৰদান কৰে বুলি জানিবলৈ দিয়ে। পিছলৈ নগাঁও মহাবিদ্যলয়ৰ পৰা আই.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী চাকৰিত যোগদান কৰে।

১৯৮৪ চনত বটদ্ৰবা উন্নয়ন খণ্ডৰ পৰা খণ্ড উন্নয়ন বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছতে চাকৰি জীৱনৰ সমাপ্তি ঘটে যদিও সামাজিক কাম-কাজ চলাই থাকে এইজন বৰ্ষীয়ান মুক্তিযুদ্ধাই। উল্লেখ যে, দেওবাৰে ৰাষ্ট্ৰপতিৰ ফালৰ পৰা সন্মান লাভ কৰাৰ পূৰ্বেও প্ৰতিবছৰে বিভিন্ন স্থানত মুক্তিযুদ্ধা হিচাপে সন্মান লাভ কৰি আহিছে দাধৰায়ে। ইয়াৰ উপৰিও ১৯৭২ চনত ভাৰত চৰকাৰৰ পৰা আৰু ১৯৯৭ চনত অসম চৰকাৰৰ ফালৰ পৰা মুক্তিযুদ্ধাৰ তাম্ৰ পত্ৰ লাভ কৰিছিল। দেওবাৰে ৰাষ্ট্ৰপতি ফালৰ পৰা পৰা লাভ কৰা এই সন্মানে তেওঁক উৎফুল্লিত কৰাৰ লগতে বৃহত্তৰ পুৰণিগুদাম চলচলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in