চামগুৰিতহাতী মানুহৰ সংঘাত অব্যাহত, বন বিভাগৰ হাতত হাতী খেদিবলৈ নাই বন্দুক….

চামগুৰিতহাতী মানুহৰ সংঘাত অব্যাহত, বন বিভাগৰ হাতত হাতী খেদিবলৈ নাই বন্দুক….

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁৱৰ চামগুৰিত এতিয়া দিনক দিনে অধিক তীব্ৰতৰ হৈ উঠিছে হাতী মানুহৰ সংঘাত ।প্ৰতিদিনাই হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে নগাঁৱৰ চামগুৰিত ।মঙ্গলবাৰে পুনৰ দিনে নিশাই চামগুৰিৰ হাঁহচৰা-বৰালীগাৱঁত বন্যহস্তীৰ জাকটোৱে তীব্ৰ উপদ্ৰবৰ সৃষ্টি কৰে ।

৬ জনীয়া বন্যহস্তীৰ জাকটোৱে এফালৰ পৰা ঢাহি-মুহি নিয়ে বিঘাই বিঘাই ধান খেতি ।উপায়ন্তৰ হৈ স্থানীয় ৰাইজে উদমাৰী বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উদমাৰী বন বিভাগ উপস্থিত হয় যদিও হাতী খেদিবলৈ অপাৰগ বন বিভাগৰ লোকসকল ।কিয়নো ৰাজ্যৰ বিয়াগোম বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বন বিভাগৰ হাতত হাতী খেদিবলৈ নাই বন্দুক ।গতিকে ঢাল-তৰোৱাল বিহীন বন বিভাগৰ কৰ্মচাৰী কেইজনে ৰাইজৰ মাজত উপস্থিত হৈ বন্ধুকৰ অভাৱত হাতী খেদাৰ পৰিবৰ্তে ৰাইজৰ সৈতে একেলগে পহৰাহে দিছে ।

বন বিভাগৰ কাণ্ডত স্থানীয় ৰাইজে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে উচ্চপদস্থ বন বিষয়াক ধিক্কাৰ দিয়াৰ লগতে স্থানীয় উদমাৰী বন কাৰ্যালয়ৰ বনকৰ্মী কেইগৰাকীয়ে বন্দুকৰ অভাৱ থকা পাছতো প্ৰতিমূৰ্হুততে সহযোগিতা আগবঢ়াই যোৱা বাবে তেওঁলোকক আদৰণি জনাইছে ।

আনহাতে শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰেলৰ আগত পৰি বন্যহস্তীৰ ক্ষতি হোৱাৰ আশংকাত স্থানীয় ৰাইজে নিতৌ ৰে'ল পাৰ নোহোৱালৈকে পহৰা দি বন্যহস্তীৰ জাকটোক অনাকাঙ্ক্ষিত বিপদৰ পৰা ৰক্ষা কৰি আহিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in