চামগুৰিত বজ্ৰপাতে প্ৰাণ কাঢ়িলে ৪ সন্তানৰ পিতৃ গোবিন বৰাৰ

চামগুৰিত বজ্ৰপাতে প্ৰাণ কাঢ়িলে ৪ সন্তানৰ পিতৃ গোবিন বৰাৰ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ চলচলি ৰামটিলা আটিৰ এটা মুকলি পথত মঙলবাৰে বিয়লি প্ৰায় ৫ বজাত বজ্ৰপাত পৰি গোবিন বৰা(৫২) নামৰ এজন লোকৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, মঙলবাৰে বিয়লি প্ৰায় ৪-৩০ বজাৰ পৰা অহা এজাক ধুমুহা-বৰষুণৰ সময়ত গোবিন বৰা নামৰ লোকজনে বালিজুৰিৰ পৰা চলচলি মুছলিম গাঁৱৰ পথেৰে চলচলি ৰঙীয়া গাঁৱৰ নিজা ঘৰলৈ আহি থকা সময়ত ধুমুহা, বৰষুন আৰু ব্ৰজপাতৰ সন্মুখীন হয়।

এই পথছোৱাৰ প্ৰায় তিনি কিলোমিটাৰ অংশ মুকলি হোৱা হেতুকে মৃত গোবিনে কোনোধৰণৰ আশ্ৰয় নাপায় এজোপা গছৰ তলত ৰৈ থাকে যদিও উক্ত স্থানতে ব্ৰজপাত পৰি তেওঁৰ মৃত্যু হয়। এই ঘটনা সংঘটিত হোৱাৰ পিছত পৰিয়ালৰ লোকে পলমকৈ গম পাই আৰক্ষীৰ সহযোগত সন্ধিয়া ৭ বজাত মৃতদেহটো উদ্ধাৰ কৰি আনি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। পত্নীসহ দুজন পুত্ৰ, দুগৰাকী জীয়ৰী এৰি থৈ যোৱা গোবিন বৰাৰ মৃত্যুত বৃহত্তৰ চলচলি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in