বান-গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা, চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত…

বান-গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা, চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত…

ডিজিটেল সংবাদ,চামগুৰিঃ অসম চৰকাৰৰ বিজ্ঞান,তথ্য-প্ৰযুক্তি আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আজি বিয়লি চামগুৰি সমষ্টিৰ লাওখোৱা-ভূৰবন্ধা অঞ্চলত উপস্থিত হৈ বানপীড়িত ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লয়৷মন্ত্ৰীগৰাকীয়ে লাওখোৱাৰ মূল মথাউৰিটো সুৰক্ষিত কৰিবলৈ আৰু বান গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা কৰে৷

আনহাতে বানাক্ৰান্ত লোকসকলক সাহাৰ্য্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰী মহন্তই বিষয়াসকলক যাৱতীয় নিৰ্দেশ প্ৰদান কৰে৷লগতে বুঢ়াচাপৰি অভয়াৰণ্যসহ শোণিতপুৰ জিলাৰ দক্ষিণপাৰৰ ধনীয়া গাঁৱৰ বান-গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷লগতে
বৃহত্তৰ লাওখোৱা অঞ্চলত বানপানীৰ থকা পৰ্যন্ত নিৰিখমতে বানসাহাৰ্য্য,শিশু আৰু পশু খাদ্য প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই৷আনহাতে, আজি এসপ্তাহ ধৰি বানত অাক্ৰান্ত হৈ থকা বানাক্ৰান্ত ৰাইজৰ খবৰ ল'বলৈ মন্ত্ৰীজনে আজি সময় পোৱাত বানাক্ৰান্ত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷

ইফালে,চামগুৰিৰ লাওখোৱাত লাহে লাহে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ জলস্তৰ। তথাপিও এতিয়াও বানে বিলীন কৰি ৰাখিছে ভূৰবন্ধাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ঘৰ-বাৰী, কৃষিভূমি। বিগত প্ৰায় ছয়-সাত দিন ধৰি অঞ্চলটোৰ বন্যাৰ্ত ৰাইজে নিৰাপদ আশ্ৰয় স্থান হিচাপে শিলঘাট-ধিং মূল মথাউৰিত অস্থায়ী শিবিৰ পাতি থাকিবলৈ বাধ্য হৈছে।

কিন্তু বান পৰিস্থিতিৰ কিছু শাম কাটিলেও এই শিবিৰ সমূহ এৰি নিজৰ ঘৰৰ অভিমুখে যাব পৰা হোৱা নাই বানত ক্ষতিগ্ৰস্থ হোৱা পৰিয়ালসমূহ।বৰ্তমান শিবিৰসমূহৰ অৱস্থাও তথৈবচ।শিশু-মহিলাসহ একোটা পৰিয়ালে এই অস্থায়ী শিবিৰসমূহত পশুধনৰ সৈতে একেলগে বসবাস কৰিব লগীয়া হৈছে। গৰু-ছাগলীৰ সৈতে একেখন চালিৰ তলতে অস্বাস্থ্যকৰভাবে শিশুসহ পৰিয়ালৰ লোকসকলে খোৱা বোৱা কৰিবলগীয়া হৈছে। নাই কোনো বিশুদ্ধ খোৱা পানীৰ বিশেষ ব্যৱস্থা।

শেহতীয়াকৈ প্ৰশাসনৰ তৰফৰ পৰা দুই এটা দমকল বানাক্ৰান্ত অঞ্চলত সংস্থাপন কৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা বিতৰণ কৰা কেইপেকেট মান খোৱা পানীয়ে অভাৱ পূৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে শতাধিক বানক্ষতিগ্ৰষ্ঠ ৰাইজৰ। ইফালে, প্ৰশাসনে প্ৰদান কৰা গোটাচেৰেক চৰকাৰী বান সাহাৰ্য্যই শিবিৰ সমূহত আশ্ৰয় লৈ থকা বন্যাৰ্তৰ পৰিয়ালসমূহৰ উদৰ পূৰাব নোৱাৰাক কেন্দ্ৰ কৰি চৰকাৰৰ বিৰুদ্ধে বানাক্ৰান্ত ৰাইজে চৰম ক্ষোভ প্ৰকাশৰ কৰা দেখা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in