চামগুৰিত চোৰাং গৰু ভৰ্ত্তি ট্ৰাক জব্দ…

চামগুৰিত চোৰাং গৰু ভৰ্ত্তি ট্ৰাক জব্দ…

ডিজিটেল সংবাদ,চামগুৰিঃ সমগ্ৰ অসমতে গৰুৰ অবাধ চিণ্ডিকেট চলি থকাৰ সময়তে চোৰাং গৰু সৰবৰাহৰ সন্দেহত চামগুৰি আৰক্ষীৰ জালত পৰিছে ৫ সৰবৰাহকাৰী ।চামগুৰি আৰক্ষীয়ে ২২টাকৈ গৰুসহ এখন বাৰ চকীয়া ট্ৰাক জব্দ কৰিছে ।

ML-04C-5395নম্বৰৰ ট্ৰাকখনৰ জৰিয়তে ২২ টাকৈ গৰু মেঘালয়লৈ সৰবৰাহৰ চেষ্টা চলাইছিল বুলি ইতিমধ্যে এটা সূত্ৰই প্ৰকাশ কৰিছে ।আনহাতে গৰু সৰবৰাহৰ সন্দেহত আৰক্ষীৰ জালত পৰিছে মেঘালয়ৰ মিকি ধৰ, আৰবাজ ধৰ, ক্যানমৌ পাপ'ঙ, চামগুৰিৰ মুকচিদুল ইছলাম আৰু মুক্তাৰ হুছেইন ।

উল্লেখযোগ্য যে ধৃত পাঁচোজনৰ ওপৰত চামগুৰি থানাত আৰক্ষীয়ে তীব্ৰ জেৰা অব্যাহত ৰাখিছে ।আনহাতে সোমাবাৰে পুৱাৰে পৰা ২২ টাকৈ গৰুসহ বাহনখন চামগুৰি আৰক্ষী থানাৰ সন্মুখত ৰখাই থোৱাত তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে যদিও সংবাদ মাধ্যমৰ সন্মুখত ঘটনা সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত আছে আৰক্ষী।এতিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো মন্তব্য নকৰা কথাটোৱে তীব্ৰ ৰহস্যৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in