লাওখোৱাৰ ভুৰবন্ধাত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া…

লাওখোৱাৰ ভুৰবন্ধাত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া…

ডিজিটেল সংবাদ, চামগুৰি-ঃ ৰাজ্যত বাৰিষা দ্বিতীয়টো বানৰ প্ৰভাৱ কিছু পৰিমাণে শাম কাটিছে যদিও শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে নগাঁও জিলাৰ লাওখোৱাৰ ১ নং ভুৰবন্ধাৰ পৰা ৪ নং ভুৰবন্ধা পৰ্যন্ত বৃহত্তৰ অঞ্চলত।

বিগত তিনিদিন ধৰি ১ নং ভুৰবন্ধাত অব্যাহত থকা প্ৰৱল গৰাখহনীয়াৰ বাবে এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈছে বহুকেইটা পৰিয়ালৰ পকী বাসগৃহ। ব্যাপক গৰাখহনীয়াই সৰ্বশ্বান্ত কৰা ভুক্তভোগী প্ৰায় শতাধিক পৰিয়ালে এতিয়া ভেঁটি-মাটি এৰি সকলো সা-সামগ্ৰীলৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে।

উল্লেখযোগ্য যে, ১ নং ভুৰবন্ধাত অব্যাহত থকা প্ৰৱল গৰাখহনীয়াই এতিয়া ভাবুকি মাতি আনিছে শিলঘাট-ধিং সংযোগী মূল মথাউৰিটোলৈ। কাৰণ ভয়ংকৰ ৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আক্ৰান্ত ঠাইৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগতে আছে অতিশয় গুৰুত্বপূৰ্ণ মথাউৰিটো। স্থানীয় নৈপৰীয়া ৰাইজৰ আশংকা ১নং ভুৰবন্ধাত গৰাখহনীয়া বৰ্তমানৰ দৰেই অব্যাহত থাকিলে চৰম ভাবুকি আহি পৰিব নগাঁও জিলাৰ বৃহত্তৰ অঞ্চলক সুৰক্ষিত কৰি অহা বিশেষ মথাউৰিটোলৈ।

লক্ষণীয়ভাবে বিগত বহুবছৰ ধৰি ভুৰবন্ধাবাসীয়ে ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াৰ বাবে ভোগ কৰি অহা যাতনাক কাষৰীয়া কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তয়ে চৰম অৱহেলা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগী নৈপৰীয়া ৰাইজে শীঘ্ৰে ১ নং ভূৰবন্ধাত এটা বা দুটা গাইড বান্ধ নিৰ্মাণৰ ব্যৱস্থা কৰি বাকী থাকি যোৱা ঠাইখনৰ লগতে মূল মথাউৰিটো সুৰক্ষিত কৰিবৰ বাবে শাসনাধিষ্ঠিত চৰকাৰখনক আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in