চলচলিত বানত বুৰিল বড়ো ধানৰ খেতি: বেংকৰ ঋণ লৈ সৰ্বস্বান্ত কৃষক…

চলচলিত বানত বুৰিল বড়ো ধানৰ খেতি: বেংকৰ ঋণ লৈ সৰ্বস্বান্ত কৃষক…

ডিজিটেল সংবাদ,চামগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ উন্নত হৈছে বান পৰিস্থিতি। বাৰিষাৰ প্ৰথমটো বানৰ কৱলত পৰি এইবাৰ সৰ্বস্বান্ত হৈছে নগাঁও জিলাৰ পুৰণিগুদাম চলচলিৰ শতাধিক দৰিদ্ৰ কৃষক। দীঘলীয়া লকডাউনৰ ফলত কৃষকসকল লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল এতিয়া আকৌ বানৰ কৱলত পৰি দিশহাৰা হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজ।

বন্ধন বেংকৰ পৰা ঋণ লৈ নিজৰ কৃষিভূমিত বড়ো ধানৰ খেতি কৰিছিল এইসকল কৃষকে। কিন্তু সৌভাগ্য নহ'ল পথাৰৰ ধান চপাই ভঁড়ালত গোটোৱাৰ। বানত পানীৰ তল যোৱা কেঁচা ধানকে নষ্ট হোৱাৰ পূৰ্বে এতিয়া কাটি কাটি চপোৱাত ব্যস্ত দুৰ্ভগীয়া কৃষকসকল।

কৃষক ৰাইজৰ ক্ষোভ তেওঁলোকৰ বাবে চৰকাৰী আঁচনি ঘোষণা কৰাৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে কেৱল খবৰটোহে লাভ কৰে। চৰকাৰী বিষয়াই হওঁক অথবা ৰাইজে নিৰ্বাচন কৰা প্ৰতিনিধিয়ে হওঁক এতিয়া কাৰোয়ে যেন আহৰি নাই এইসকল কৃষকৰ খবৰ ল'বলৈ। অতি শীঘ্ৰে সংশ্লিষ্ট চৰকাৰী বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰি সকাহ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছে চলচলিৰ দুৰ্ভগীয়া কৃষক ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in