চামগুৰিৰ লাওখোৱাত অপৰিবৰ্তিত বান পৰিস্থিতি

চামগুৰিৰ লাওখোৱাত অপৰিবৰ্তিত বান পৰিস্থিতি

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ ৩ নং ভুৰবন্ধাৰ কৃষিবান্ধটো দেওবাৰে বিয়লি ভাগি যোৱাৰ ফলত বৰ্তমান ১ নং ভুৰবন্ধাৰ লগতে সমগ্ৰ লাওখোৱা অঞ্চলত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে৷ বৰ্তমান ক্ৰমাৎ জটিল হৈ পৰিছে লাওখোৱাৰ বান পৰিস্থিতি৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ইখনৰ পাছত সিখনকৈ গাঁও৷ বৰ্তমানেও বানত আৱদ্ধ বহুকেইটা পৰিয়াল৷

নীয় যুৱকে নাওৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ কিন্তু নিৰ্বিকাৰ প্ৰশাসন। বৰ্তমানেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বানাক্ৰান্ত ৰাইজৰ৷ বানাক্ৰান্ত ৰাইজে ঘৰ-দুৱাৰ ভাঙি এতিয়া মথাউৰিলৈ ঢাপলি মেলিছে। ইয়াৰ বিপৰীতে আন একাংশই বছৰ-বছৰ ধৰি মথাউৰিতে আছে যদিও বৰ্তমানলৈকে চৰকাৰে কোনো সুযোগ-সুবিধা নাইদিয়া বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ কৰিছে।

ইফালে, বানত বিভিন্নজন লোক অস্বাস্থ্যকৰভাৱে থাকি অসুস্থ হৈ পৰিছে। লগতে অস্বাস্থ্যকৰভাৱে আছে বহু শিশু। কিন্তু কাণসাৰ নাই বিয়াগোম স্বাস্থ্য আৰু জলসম্পদ বিভাগৰ৷ আনহাতে, তিনি নং ভুৰবন্ধাৰ কৃষি বান্ধটো চিঙাৰ ফলত এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰ ৰুষ্ট হ'বৰ বাবে ব্ৰহ্মপুত্ৰৰ পাৰত বহি বানাক্ৰান্ত ৰাইজে প্ৰাৰ্থনা কৰিছে৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতে ক্ৰমাৎ নাইকীয়া কৰিলে কেইবাখনো গাঁও।

আনহাতে, ৩ নং ভুৰবন্ধাৰ কৃষিবান্ধটো ভাঙি পেলোৱাৰ ফলত এতিয়া চূড়ান্ত ভাবুকি আহি পৰিছে ধিং-শিলঘাট মথাউৰিলৈ। ফলত আতংকিত হৈ পৰিছে গঞা৷ আনহাতে, লাওখোৱাৰ লগতে ভূৰবন্ধা, ভগামুখতো অব্যাহত আছে বান পৰিস্থিতি। বান বিধ্বস্ত একাংশ লোকে এতিয়া আশ্ৰয় লৈছে ধিঙ-শিলঘাট মাথাউৰিৰ আশ্ৰয় শিবিৰত। কিন্তু এতিয়া আশ্ৰয় শিৱিৰৰো তথৈবচ অৱস্থা।

আশ্ৰয় শিবিৰত থকা লোকসকলে এতিয়া অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিবলগা হৈছে। এমুঠি অন্ন-বস্ত্ৰ বাসস্থানৰ বাবে হাহাকাৰ কৰিবলগীয়া এইসকল লোকৰ খবৰ লবলৈ চৰকাৰ প্ৰশাসনৰ আহৰি নোহোৱাত বানাক্ৰান্ত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in