নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী হাতীখলি-ৰংহাঙবাসীয়ে বনৰীয়া হাতীলৈ আগবঢ়ালে নৰাভোগ…

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী হাতীখলি-ৰংহাঙবাসীয়ে বনৰীয়া হাতীলৈ আগবঢ়ালে নৰাভোগ…

ডিজিটেল সংবাদ ,চামগুৰিঃ নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী হাতীখলি-ৰংহাং গাঁৱৰ ৰাইজে পুনৰবাৰ দেখুৱালে আন এক উল্লেখযোগ্য নিদৰ্শন। "হাতীবন্ধু" আৰু গুৱাহাটীৰ প্ৰদীপ ভূঞাৰ উদ্যোগত আৰু চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত হাতীখলি-ৰংহাঙবাসীয়ে বনৰীয়া হাতীৰ বাবে কৰা ২০০ বিঘা মাটিৰ ধান খেতি বন্যহস্তীৰ কেইবাটাও সৰু-বৰ জাকে খাই অন্ত পেলোৱাৰ পিছত থাকি যোৱা ধানৰ নৰা কাটি আনি স্থানীয় ৰাইজে পুনৰ বনৰীয়া হাতীৰ জাকলৈ বুলি আজি পৰম্পৰাগতভাৱে পথাৰৰ দাঁতিত ভোগ আগবঢ়ায়।

ব্যতিক্ৰম মাথো এটাই পাহাৰ-ভৈয়াম সকলো ঠাইৰ মানুহে যাতে বনৰীয়া হাতীক শত্ৰু জ্ঞান নকৰি শ্ৰদ্ধাৰ চকুৰে চাই তাৰ বাবে এইবাৰ ৰংহাঙবাসীয়ে "নৰাভোগ"খিনি হাতীলৈ উছৰ্গা কৰাৰ সময়ত সকলো ধৰ্মৰে ধৰ্মগুৰুসকলৰ দ্বাৰা সেৱা আগবঢ়ায়। নৰাভোগ প্ৰদানৰ সময়ত বিনোদ দুলু বৰাই অঞ্চলটোৰ সকলো ধৰ্মাৱলম্বী ৰাইজক একত্ৰিত কৰি খ্ৰীষ্টানৰ ধৰ্ম-যাজকৰ দ্বাৰা বাইবেল, মুছলমানৰ জোনাৱৰ দ্বাৰা কোৰাণ পাঠ কৰোৱাৰ লগতে কাৰ্বিসকলেও নিজৰ দোৱানত কৰা গণেশ বন্দনাৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চলটো। যাতে অঞ্চলটোৰ সকলো ধৰ্মাৱলম্বী লোকে খাদ্য সন্ধানত পাহাৰ অথবা ভৈয়ামত বিচৰণ কৰা বনৰীয়া হাতীক এতিয়াৰ পৰা শ্ৰদ্ধা চকুৰে চায় সহাৱস্থান কৰাৰ চেষ্টা কৰে৷

ইফালে, বন্যহস্তী আৰু মানুহৰ মাজৰ সংঘাত ৰোধ কৰিবৰ বাবে বিনোদ দুলু বৰাৰ লগতে ৰংহাঙবাসীয়ে হাতত লোৱা এই একনিষ্ঠ প্ৰচেষ্টাৰ নিদৰ্শন দেখি অঞ্চলটোত নগাঁও জিলাৰ উপায়ুক্তগৰাকী উপস্থিত হৈ ৰাইজক ভূয়সী প্ৰশংসা কৰাৰ লগতে ভূমি তথা খেতিমাটিৰ ক্ষেত্ৰত চৰকাৰীভাবে আৱশ্যকীয় যাৱতীয় ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰি গাঁওখনৰ দৰিদ্ৰ কৃষক সকলক সাময়িকভাবেও সকাহ দিয়াৰ বিষয়ে পূৰ্ণ আশ্বাস প্ৰদান কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in