শেহতীয়া খবৰ
সাৱধান! নিজামুদ্দিন মাৰ্কাজলৈ গৈ লুকাই আছে নেকি, শেষ সময়সীমা বান্ধি দিলে চৰকাৰে, ৰুজু হ'ব গোচৰ...  •  কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত  •  টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু

চামগুৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ…

74

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিত সোমবাৰে নিশা আৰক্ষীয়ে চলালে ড্ৰাগছৰ বিৰুদ্ধে এক ব্যাপক অভিযান। চামগুৰিৰ সাপ্তাহিক বজাৰৰ এখন দোকানৰ পৰা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস,কলিয়াবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰু চামগুৰি আৰক্ষীৰ সহযোগত আৰক্ষীৰ দলটোৱে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় যথেষ্ট সংখ্যক ড্ৰাগছযুক্ত টেবলেট, ভাং আৰু লিক’ৰ বটলো।

আৰক্ষীয়ে দোকান খনৰ পৰা গ্ৰেপ্তাৰ কৰে মাইনুল হুছেইন নামৰ এটা সৰবৰাহকাৰীকো। উল্লেখ্য চামগুৰিৰ বিভিন্ন ঠাইত সক্ৰিয় হৈ পৰা এই ড্ৰাগছৰ বৃহৎ চক্ৰটো আৰক্ষীয়ে শীঘ্ৰে উৎখাত কৰিবলৈ অনাগত সময়তো অঞ্চলটোত নিতৌ অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি