চামগুৰিত ভয়াৱহ পথ দুৰ্ঘটনা

চামগুৰিত ভয়াৱহ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ সোণাৰিবালিত বৃহস্পতিবাৰে বিয়লি এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ট্ৰাক আৰু টাটা ম'বাইলৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতেই সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ফলত তিনিজনকৈ লোক গুৰুতভাৱে আহত হয়।

পাছত আহত ক্ৰমে বামুনী পথাৰৰ ৰামেশ্বৰ মুণ্ডা, অনু দাস আৰু যমুনামুখৰ শ্বৰিখ উদ্দীনক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ততাতৈয়াকৈ নগাঁৱলৈ প্ৰেৰণ কৰে। আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰৱস্থাৰ বাবে সঘনাই অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

উল্লেখ্য যে, দুৰ্ঘটনাটোৰ ফলত কেইবাঘণ্টা ধৰি বহু শতাধিক যান-বাহন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ থকাৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োদিশে তীব্ৰ যানজঁটৰ সৃষ্টি হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in