নগাঁৱৰ চামগুৰিত গোলাঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, আটক ২জন, উদ্ধাৰ ড্ৰাগছসহ এখন এল্ট’ বাহন

নগাঁৱৰ চামগুৰিত গোলাঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, আটক ২জন, উদ্ধাৰ ড্ৰাগছসহ এখন এল্ট’ বাহন

ডিজিটেল সংবাদ, চামগুৰিঃ ৰাজ্যত এতিয়া দিনকদিনে ব্যাপক ৰূপত বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক কাৰ্য। বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগতে ৰাজ্যত ভয়াৱহৰূপত সংঘটিত হবলৈ ধৰিছে ড্ৰাগছ সৰবৰাহৰ দৰে ঘটনা। নগাঁৱৰ আমনি এতিয়া ক্ৰমান্বয়ে পৰ্যবসিত হবলৈ ধৰিছে অপৰাধীৰ ঘাটিলৈ। বৃহস্পতিবাৰে নগাঁৱৰ আমনিত এটা চক্ৰই ড্ৰাগছ বিক্ৰীৰ বাবে অহা খবৰ পাই গোলাঘাট আৰক্ষীয়ে চামগুৰিত চলালে ড্ৰাগছ বিৰোধী তীব্ৰ অভিযান।

গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জালত পৰিল বৃহৎ পৰিমাণৰ ড্ৰাগছৰ টেবলেট সহ দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা এখন এল্ট' বাহন। গোলাঘাট আৰক্ষীৰ অভিযানৰ খবৰ পায় পলাবলৈ চেষ্টা কৰা ড্ৰাগছ সৰবৰাহকাৰী দলটোক পাছত আমনিৰ পৰা খেদি খেদি চামগুৰিৰ নিকটবৰ্তী পাৰ্কুপ পাহাৰত কৰায়ত্ব কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰী দুটাক।

উল্লেখ্য যে, ধৃত চক্ৰটোৱে আমনিত ড্ৰাগছ যোগান ধৰাৰ পৰিকল্পনা আছিল আন কেইবাটাও অসাধু ব্যৱসায়ীক। আনহাতে গোলাঘাট আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম চামগুৰিত সংবাদ মাধ্যমৰ আগত প্ৰকাশ নকৰিলে যদিও পৰবৰ্তী সময়ত সৰবৰাহকাৰী দুটাৰ নাম প্ৰকাশ কৰা হ'ব বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in