তৰুণ গগৈক জবাব দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই, VIDEO

তৰুণ গগৈক জবাব দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই, VIDEO
  • তৰুণ গগৈক উভতি ধৰিলে আছু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
  • তৰুণ গগৈয়ে অনা অভিযোগৰ উত্তৰ দিলে ছাত্ৰ নেতাজনে।
  • অসম আন্দোলনৰ ৮৫৫জন শ্বহীদৰ বাবে আছু আৰু প্রফুল্ল মহন্ত দায়ী বুলি মন্তব্য কৰিছিল গগৈয়ে।
  • ইয়াৰ প্ৰত্যুত্তৰ দি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ে কয়- সেই সময়ৰ পৰিস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰ দায়ী আছিল ইয়াৰ বাবে।
  • সেই সময়ত অসমৰ ৰাইজে ন্যায্য প্ৰাপ্তিৰ বাবে, এটা ৰাষ্ট্ৰীয় সমস্যাৰ সমাধানৰ বাবে আন্দোলন কৰিছিল।
  • কঠোৰ দমন চলাইছিল সেই সময়ৰ দিছপুৰ আৰু দিল্লীৰ শাসকসকলে।
  • এইদৰে প্ৰত্যুত্তৰ দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
  • সোমবাৰে তামুলপুৰৰ বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহলৈ গৈছিল আছু উপদেষ্টা।
  • জম্মু-কাশ্মীৰ সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী ভট্টাচাৰ্য।
  • বীৰ শ্বহীদজনৰ বাসগৃহত উপস্থিত হৈছিল গৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।
  • খবৰ লয় শ্বহীদ বসুমতাৰীৰ পৰিয়ালৰ।
  • শ্বহীদ পৰিয়ালৰটোৰ খবৰ ল'বলৈ গৈছিল সাংসদ নৱ শৰণীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in